এন আৰ চি প্ৰসংগত অমিত শ্বাহ : ভাৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ ধৰমশালা নহয়

711874-amit-shah-ani

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ফটো : ডিএনএৰ সৌজন্যত

‘’দেশখনৰ সম্পদসমূহৰ ওপৰত কেবল ভাৰতীয়সকলৰহে অধিকাৰ আছে আৰু অনুপ্ৰৱেশকাৰীবোৰ আহি ইয়াত বসবাস কৰিবলৈ ভাৰত এখন ধৰমশালা নহয়।‘’-এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ।

বিজেপিৰ সভাপতি অমিত শ্বাহে শনিবাৰে দৈনিক জাগৰণ মিডিয়া গ্ৰুপে নতুন দিল্লীত আয়োজন কৰা জাগৰণ ফ’ৰামত ভাষণ দি এইদৰে মন্তব্য কৰে।

শ্বাহে অনুপ্ৰৱেশকাৰীসকলক দেশখনৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) দেশখনৰ মৌলিক সমস্যাসমূহ সমাধানৰ এটা উপায় আৰু ইয়াৰ সৈতে বিজেপিক সাঙুৰি লোৱা উচিত নহয়।

‘’কোনোবা আহিব আৰু ইয়াত বসতি কৰিব, সেইটো  কেনেকৈ সম্ভৱ? এইদৰে দেশখন চলিব নোৱাৰে। যিসকল ইয়াৰ নাগৰিক তেওঁলোকহে ইয়াত থকা উচিত আৰু অকল তেওঁলোকৰহে এই দেশখনৰ সম্পদসমূহৰ ওপৰত অধিকাৰ আছে,’ –বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এইদৰে কয়।

এন আৰ চি প্ৰসংগত বিৰোধী দলক লক্ষ্য কৰি শ্বাহে লগতে কয় যে অনুপ্ৰৱেশকাৰীসকলক বিগত ৭০ বছৰ ধৰি ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে আৰু তেওঁলোক দেশৰ প্ৰতি ভাবুকি হৈ পৰিছে। বিজেপিয়ে দেশৰ স্বাৰ্থত কঠোৰ সিদ্ধান্ত গ্ৰহণৰ কৰাৰ পোষকতা কৰে বুলিও তেওঁ ব্যক্ত কৰে।

এন আৰ চি প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। বিজেপিয়ে ভাৱে যে তেওঁলোকক চিনাক্ত কৰি বহিস্কাৰ কৰা উচিত।‘’