NORTHEAST NOW (Assamese)

বিশ্বৰ বিলিয়নাৰৰ তালিকাত তৃতীয় স্থানত ভাৰত

April 10, 2023 10:02 am · এন ই নাও নিউজ, গুৱাহাটী

এখন উন্নয়নশীল দেশ ভাৰত। আজিও ভাৰত লাখ লাখ মানুহৰ নিজা ঘৰ নাই, আজিও প্ৰতিদিনে লঘোণে শুবলৈ যায় দেশৰ লাখ লাখ দৰিদ্ৰ জনতা। চিকিৎসাৰ অভাৱত প্ৰতিদিনে মৃত্যু হয় হাজাৰ হাজাৰ লোক। কৃষকৰ আত্মহত্যাৰ দৰে ঘটনা এই দেশত তেনেই সুলভ।

ইয়াৰ বিপৰীতে দেশৰ বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ পলাই যায় বণিক। আনহাতে কোটি কোটি টকাৰ ঋণ মাফ কৰা হয় ধনী বণিকগোষ্ঠীক। এয়াই বিচিত্ৰ দেশৰ কথা।

কেৱল সাংস্কৃতিক বা ভৌগালিক দিশতেই নহয়, অৰ্থনৈতিক দিশটো এইদৰেই বিচিত্ৰ এই দেশ।

দাৰিদ্ৰতাৰে ভৰি থকা এই দেশতেই আছে কেইবাজনো বিলিয়নাৰ। বিলিয়নাৰ থকাৰ দেশৰ তালিকাত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে ভাৰত। শেহতীয়া অথ্য মতে ভাৰতত আছে ১৬৯ গৰাকী বিলিয়নাৰ। আৰু এওঁলোকৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৭৫ বিলিয়ন ডলাৰ।

এই তালিকাৰ প্ৰথম স্থানত ৭৩৫ গৰাকী বিলিয়নেয়াৰেৰে আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ৪৯৫ গৰাকী বিলিয়নেয়াৰেৰে আছে চীন । ১২৫ গৰাকী বিলিয়নেয়াৰেৰে জাৰ্মানী চতুৰ্থ স্থানত আৰু ১০৫ গৰাকী বিলিয়নেয়াৰেৰে ৰাছিয়া পঞ্চম স্থানত আছে । এই তালিকাত তৃতীয় স্থানত আছে ভাৰত।

এফালে ভোকত মানুহ মৰি গৈছে আৰু আনফালে আছে ১৬৯ গৰাকীকৈ বিলিয়নাৰ। এয়াই বিচিত্ৰ ভাৰত।

Related News