• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰাশায়ী ‘চাহাব’ৰ বাজবলঃ ভাৰতীয় দলৰ ‘অমৃত কাল’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 5:04 pm
India vs England
3.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰথম টেষ্টত পৰাজয়ৰ গ্লানি; ইয়াৰ পিছতে ঘটিল ৰাজকীয় প্ৰত্যাৱৰ্তন। ক্ৰিকেট বিশ্বত চমক তোলা ইংলেণ্ডৰ বাজবল শৈলীৰ ওপৰত বিস্তাৰ কৰিলে আধিপত্য। আৰু দুৰন্ত প্ৰদৰ্শনেৰে আজি অন্তিম টেষ্টত ইনিংছ ব্যৱধানত জয়েৰে ৪-১ ব্যৱধানত শৃংখলা দখল কৰিলে ভাৰতে।

ধৰমশালাত শৃংখলাৰ পঞ্চম তথা অন্তিম টেষ্টত আজি তৃতীয় দিনাই এক ইনিংছ আৰু ৬৪ ৰাণত জয়ী হয় ঘৰুৱা দল ভাৰত। কেৰিয়াৰৰ শততম টেষ্ট খেলা অভিজ্ঞ তাৰকা ৰবিচন্দ্ৰন অশ্বিনৰ স্পীন ঘূৰ্ণীৰ পিছতে বুমৰাহ, জাদেজা আৰু কুলদীপে ধৰাশায়ী কৰে ইংৰাজ বাহিনীক।

কালি দ্বিতীয় দিনাৰ স্ক’ৰ ৮ উইকেটত ৪৭৩ ৰাণৰ পৰা আজি ইনিংছ আৰম্ভ কৰি মাত্ৰ চাৰি ৰাণ যোগ দিয়েই ৪৭৭ ৰাণত ইনিংছ সমাপ্ত কৰে আৰু ইংলেণ্ডৰ প্ৰথম ইনিংছৰ স্ক’ৰ ২১৮তকৈ ২৫৯ ৰাণৰ বিশাল অগ্ৰগতি লাভ কৰে। কালিৰ দুই অপৰাজিত বেটাৰ কুলদীপ আৰু বুমৰাহে ক্ৰমে ৩০ আৰু ২০ ৰাণ সংগ্ৰহ কৰি বিদায় লয়।  

ইফালে এনে বৃ্হৎ ব্যৱধানৰ হেঁচা লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা ইংলেণ্ডক প্ৰাৰম্ভিক অৱস্থাতে বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়ে অশ্বিনে। মাত্ৰ দুই ৰাণৰ স্ক’ৰত ডাকেটক আৰু ২১ ৰাণৰ স্ক’ৰত আনজন অপেনাৰ ক্ৰলীক অশ্বিনে পেভিলিয়নৰ পথ দেখুৱায়।  

স্বকীয় বাজবল শৈলীৰে প’পে (১৯) ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা কৰিলেও ৩৬ ৰাণৰ স্ক’ৰত অশ্বিনে প’পকো বিদায় দি ইংৰাজ শিবিৰত আন এক আঘাত হানে। অৱশ্যে চতুৰ্থ উইকেটত ৰুট আৰু বেয়াৰষ্ট’ৱে ৫৬ ৰাণ যোগ দি দলীয় স্ক’ৰ ৯২ লৈ আগবঢ়াই নিয়ে।

আক্ৰমণাত্মক বেটিঙেৰে বেয়াৰষ্ট’ই কিছুসময় ভাৰতীয় বলিং লাইন আপক সমস্যাত পেলালেও কুলদীপে বেয়াৰষ্ট’ৰ (৩৯) উইকেট দখল কৰি এই চিন্তা দূৰ কৰে। ব্যৰ্থ হয় অধিনায়ক ষ্ট’কছ (২) আৰু ফ’কছ (৮)। এই দুই খেলুৱৈৰ উইকেট দখল কৰি অশ্বিনে ইনিংছটোত পাঁচ উইকেট সম্পূৰ্ণ কৰে।

১১৩ ৰাণতে ৬ টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ গ্ৰাসত পৰা দলটোক সাময়িক সকাহ দি ৰুটে আৰু হাৰ্টলীয়ে ১৪১ ৰাণলৈ আগবঢ়াই নিলেও বুমৰাহে হাৰ্টলীক (২০) বিদায় দি এই যুটীও ভংগ কৰে। একেটা অভাৰতে মাৰ্ক উডো (০) বুমৰাহৰ চিকাৰ হয়।  

নৱম উইকেটত ৰুট আৰু বাছিৰ (১৩)ৰ মাজত যোগ হয় ৪৮ ৰাণৰ। অৱশ্যে দুই স্পিনাৰ জাদেজা আৰু কুলদীপে অন্তিম দুটা উইকেট দখল কৰি ইংলেণ্ডৰ দ্বিতীয় ইনিংছ ১৯৫ ৰাণত অৱসান ঘটায়। তাৰ মাজতে ৰুটে অকলেই যুঁজ দি ৮৪ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।

টেষ্টখনৰ প্ৰথম ইনিংছত ৫টা আৰু দ্বিতীয় ইনিংছত দুটা উইকেটৰ লগতে বেটিঙতো ৩০ ৰাণ সংগ্ৰহ কৰা কুলদীপ যাদৱক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। আনহাতে তিনিটা অৰ্ধশতক আৰু দুটা দ্বিশতকেৰে সৰ্বমুঠ ৭১২ ৰাণ সংগ্ৰহেৰে শৃংখলাটোত উজলি উঠা যশস্বী জয়ছোৱাল শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয়।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd