শেহতীয়া সময়ত ভাৰতীয় দলটোৱে ইমান লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ঘৰৰ মাটিত টিম ইণ্ডিয়াই শেষবাৰৰ বাবে টেষ্টত পৰাস্ত হৈছিল ২৪ বছৰ পূৰ্বে। মুম্বাই টেষ্টত ২৫ ৰানত লজ্জাজনক পৰাজয়ৰ পিছত ২৪ বছৰৰ আগৰ স্মৃতি ঘূৰি আহিল। দুৰ্দান্ত যুঁজ দিও দলৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলে ঋষভ পন্তে।
১৪৭ ৰান কৰিলেই মুখ ৰক্ষা হ’লহেঁতেন। অন্ততঃ হোৱাইট ৱাশ্বৰ পৰা হাত সাৰিব পৰা যায়। এইটোৱেই আছিল লক্ষ্য। পিটছত যিমানেই বল নুঘুৰক কিয়, ভাৰতৰ তথাকথিত বিশ্বমানৰ বেটিং লাইন আপৰ বাবে অন্ততঃ ইমানখিনি স্ক’ৰ কৰাটো বৰ কঠিন হ’ব বুলি কোনেও ভৱা নাছিল৷
কিন্তু সমস্যাটো হ’ল, চলিত শৃংখলাত টিম ইণ্ডিয়াৰ টপ অৰ্ডাৰ একেবাৰেই ফৰ্মত নাই। চলিত শৃংখলাত আগেয়ে দুবাৰ বেটিং বিপৰ্যয়ৰ সৃষ্টি হৈছে, মুম্বাইতো পুনৰ একেই ঘটনা ঘটিল। ৰোহিত, কোহলী, শুভমন গিলৰ দৰে তাৰকা বেটছমেনে ক’বলৈ গ’লে অসহায়ভাৱে আত্মসমৰ্পণ কৰিলে। ১৪৭ ৰানৰ লক্ষ্যৰে খেলি থকা টিম ইণ্ডিয়াই মাত্ৰ ১২১ ৰানতে অল আউট হ’ল। ৰোহিতবাহিনীয়ে দ্বিতীয় ইনিংছ ৩০ অভাৰো খেলিব নোৱাৰিলে।
ঋষভ পন্তে ৫৭টা বলত ৬৪ ৰানৰ অবিস্মৰণীয় ইনিংছ নেখেলিলে ভাৰতে এই ১২১ ৰাণতো উপনীত হ’ব নোৱাৰিলেহেঁতেন৷ পন্তৰ আগত ভাৰতৰ তথাকথিত হিটমেন, কিং, প্ৰিন্সসকলে ক্ষুদ্ৰ প্ৰতিৰোধো আগবঢ়াব পৰা নাছিল।
গোটেই ইনিংছটোত মাত্ৰ ৩ জন বেটছমেনেহে দহৰ সংখ্যা অতিক্ৰম কৰিলে। ৰোহিত শৰ্মা, পন্ত আৰু ৱাশ্বিংটন সুন্দৰে। বিৰাট কোহলি (১), যশস্বী জয়ছৱাল (৫), সৰফৰাজ খান (১), ৰবীন্দ্ৰ জাদেজা (৬)ই যেন পুনৰ পেভিলিয়নলৈ উভতি যোৱাৰ প্ৰতিযোগিতাতাহে নামিছিল!
পন্তক যেতিয়া বিতৰ্কিত ধৰণে আউট দিয়া হৈছিল, তেতিয়াও টিম ইণ্ডিয়াক জয়ী হ’বলৈ ৪১ ৰানৰ প্ৰয়োজন আছিল। তেতিয়াই মেচখনৰ ভাগ্য প্ৰায় স্পষ্ট হৈ পৰিছিল। শেষত ৰোহিতৰ টিম ইণ্ডিয়াই অৱধাৰিত ফলাফলৰ সন্মুখীন হ’বলগীয়া হ’ল।