দেশত নিম্নগামী কৰ’নাৰ দৈনিক সংক্ৰমণ; যোৱা ২৪ঘন্টাত কৰ’নামুক্ত ৩২হাজাৰতকৈয়ো অধিক লোক

WhatsApp-Image-2020-09-27-at-11.06.17-AM-750x375

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰবল আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পুনৰ কিছু নিম্নগামী হোৱাৰ লগতে কৰা’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৩হাজাৰ ৩৭৬ জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৩২লাখ ৮হাজাৰ ৩৩০জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩০৮ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪২হাজাৰ ৩১৭জন।

যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩২ হাজাৰ ১৯৮জন। দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৩ লাখ ৭৪হাজাৰ ৪৯৭জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৯১হাজাৰ ৫১৬জন।

ইপিনে, দেশত এতিয়ালৈকে ৭৩কোটি ৫ লাখ ৮৯হাজাৰ ৬৬৮ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬২লাখ ২৭হাজাৰ ১৭৫জনক ভেকচিন দিয়া হৈছে।

আইচিএমআৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১৫ লাখ ৯২হাজাৰ ১৩৫টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে কৰ’না পৰিস্থিতি কোনো কাৰণতে উদ্বিগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না পৰিস্থিতিক লৈ উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই  বৈঠকতো ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ক্ষিপ্ৰতা অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।