দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে যোৱা ২৪ ঘন্টাত সামান্য স্বস্তি দিলেও উদ্বেগমুক্ত নহয় পৰিস্থিতি

face-masks-750x375

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰবল আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পূৰ্বৰ কেইদিনৰ তুলনাত কিছু নিম্নগামী হ’লেও উদ্বেগমুক্ত বুলি ক’ব নোৱাৰি।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৮হাজাৰ ৯৪৮ জন লোক। ইয়াৰ ভিতৰত অকল কেৰেলাতেই আক্ৰান্ত হৈছে ২৬হাজাৰ ৭০১জন লোক।

দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৩০লাখ ২৭হাজাৰ ৬২১জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২১৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৰেলাত মৃত্যু হৈছে ৭৪জনৰ।

দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪০হাজাৰ ৭৫২জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৪৩ হাজাৰ ৯০৩জন।

দেশত এতিয়ালৈকে মুঠ ৩কোটি ২১ লাখ ৮১হাজাৰ ৯৯৫জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৪হাজাৰ ৮৭৪জন।

ইপিনে, দেশত এতিয়ালৈকে ৬৮কোটি ৭৫ লাখ ৪১হাজাৰ ৭৬২ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আইচিএমআৰৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১৭ লাখ ৪হাজাৰ ৯৭০টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে চলিত সংক্ৰমণৰ হাৰে পৰিস্থিতি কোনো কাৰণতে উদ্বিগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।