বিগত দুমাহৰ ভিতৰত সর্বনিম্ন দেশত দৈনিক কৰ’নাৰ সংক্ৰমণ; মৃত্যুৰ সংখ্যাও হ্ৰাস

Third COVID-19 wave may not happen if we take strong measures, says Centre

প্ৰতিনিধিত্বমূলক ফটো।

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা যোৱা দুমাহৰ ভিতৰত সৰ্বনিম্ন দেখা গৈছে। সেইদৰে কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাও পূৰ্বৰ দিনৰ তুলনাত হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাটো নিশ্চিত কৰি  দেওবাৰৰ তুলনাত যোৱা ২৪ঘন্টাত প্ৰায় ১৩ হাজাৰ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ৬৩৬ জন লোক। দেওবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১ লাখ ১৪ হাজাৰ ৪৬০ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৯লাখ ৯ হাজাৰ ৯৭৫জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২হাজাৰ ৪২৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেওবাৰে দেশত ২হাজাৰ ৬৭৭ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৪৯ হাজাৰ ১৮৬জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ১লাখ ৭৪হাজাৰ ৩৯৯জন। দেওবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা আছিল ১লাখ ৮৯হাজাৰ ২৩২জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৭১লাখ ৫৯হাজাৰ ১৮০জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১৪লাখ ১হাজাৰ ৬০৯জন। দেওবাৰে এই সংখ্যা আছিল ১৪লাখ ৭৭হাজাৰ ৭৯৯জন।

বৰ্তমানলৈ দেশত ২৩কোটি ২৭ লাখ ৮৬ হাজাৰ ৪৮২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

ইপিনে, দিল্লীৰ এইমছত সোমবাৰে শিশুসকলৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰা হ’ব। পাটনাৰ এইমছত ইতিমধ্যে এই ট্ৰায়েল আৰম্ভ হৈ গৈছে।