ভাৰত চৰকাৰে যৌন কাৰ্যকলাপত সন্মতিৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক গুৰুত্বপূৰ্ণ বক্তব্যত চৰকাৰে জনাইছে যে এনে পদক্ষেপে শিশু সুৰক্ষা আইনক দুৰ্বল কৰিব আৰু সন্মতিৰ নামত যৌন শোষণৰ ঘটনা বৃদ্ধি পাব। চৰকাৰৰ মতে, সন্মতিৰ বয়স ১৬ বছৰলৈ হ্ৰাস কৰিলে ১৮ বছৰৰ তলৰ সকলো ব্যক্তিক দুৰ্বল হিচাপে বিবেচনা কৰা আইনী ধাৰণাটো লুপ্ত হ’ব।
২০০৭ চনৰ এক অধ্যয়নৰ উদ্ধৃতি দি চৰকাৰে উল্লেখ কৰিছে যে আধাতকৈ অধিক শিশুৱে প্ৰায়ে তেওঁলোকে বিশ্বাস কৰা ব্যক্তিৰ দ্বাৰা যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে। এই তথ্যই শিশুৰ দুৰ্বলতা আৰু নিৰ্যাতনকাৰীৰ দ্বাৰা সহজে নিয়ন্ত্ৰণৰ সম্ভাৱনাক প্ৰতিফলিত কৰে।
এগৰাকী জ্যেষ্ঠ অধিবক্তাই পৰামৰ্শ দিছিল যে ১৬-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ মাজত সহমতৰ ভিত্তিত হোৱা যৌন কাৰ্যকলাপক শিশু সুৰক্ষাৰ (POCSO) আইনৰ অধীনত নিৰ্যাতন হিচাপে গণ্য কৰা উচিত নহয়।
চৰকাৰে স্পষ্টভাবে কৈছে যে ১৮ বছৰৰ তলৰ ব্যক্তিক “শিশু”হিচাপে গণ্য কৰাটো এক ইচ্ছাকৃত সিদ্ধান্ত। তেওঁলোকৰ মতে, নাবালকসকলৰ যৌন কাৰ্যকলাপৰ বাবে অৱগত সন্মতি প্ৰদানৰ পৰিপক্কতাৰ অভাৱ থাকে। ১৮ বছৰৰ তলৰ শিশুৰ সৈতে যৌন কাৰ্যকলাপক অপৰাধ হিচাপে গণ্য কৰাটো নাবালকৰ দুৰ্বলতা, জোৰ-জবৰদস্তিৰ সম্ভাৱনা আৰু সন্মতিৰ অভাৱ প্ৰমাণৰ অসুবিধাক প্ৰতিফলিত কৰে। এই স্থিতি বিবাহ আৰু কিশোৰ ন্যায়ৰ সৈতে জড়িত অন্যান্য আইনেও সমৰ্থন কৰে, যিয়ে ১৮ বছৰক প্ৰাপ্তবয়স্কৰ বয়স হিচাপে স্বীকৃতি দিয়ে। চৰকাৰে আৰু জোৰ দি কয় যে ভাৰতীয় আইন অনুসৰি ১৮ বছৰৰ তলৰ ছোৱালীৰ সৈতে সন্মতি অবিহনে যৌন সম্পৰ্ক স্থাপন ধৰ্ষণ হিচাপে গণ্য হয়।
চৰকাৰে গুৰুত্ব আৰোপ কৰিছে যে বৰ্তমানৰ আইনী কাঠামো সাংবিধানিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যিয়ে নাবালকৰ যৌন শোষণৰ বিৰুদ্ধে শক্তিশালী সুৰক্ষা প্ৰদান কৰে।