Covid-19 Update: দেশত কৰ’নাৰ চতুৰ্থ ঢৌৰ সতৰ্কতা! পুনৰ বৃদ্ধি পালে দৈনিক সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা

দেশত কৰ’নাৰ চতুৰ্থ ঢৌ দুৱাৰদলিত নেকি? যিদৰে কৰ’নাৰ সংক্ৰমণ নিৰন্তৰ বৃদ্ধি পাই আছে তালৈ চাই সেই আশংকাই মূৰ দাঙি উঠিছে। দেশৰ প্ৰায় সকলো ঠাইতে নতুনকৈ কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ মুম্বাই, দিল্লীৰ দৰে চহৰত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে।পজিটিভিটিৰ  হাৰেও উদ্বিগ্নতা বঢ়াইছে।

অৱশ্যে বিশেষজ্ঞসকলে এতিয়াই আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে। তথাপি প্ৰশাসনে সতৰ্কতা বৃদ্ধি কৰিছে।

দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৮,৫৮২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। একেৰাহে দুদিন ধৰি দেশখনত দৈনিক ৮হাজাৰৰো অধিক লোক সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে।

বৰ্তমান দেশত ৪৪ হাজাৰ ৫১৩ জন সক্ৰিয় কৰ’না ৰোগী আছে। সেয়া কালিৰ তুলনাত ৪,১৪৩ জন অধিক।  দেশৰ সক্ৰিয় ৰোগী ০.১০ শতাংশত উপনীত হৈছে। দৈনিক পজিটিভিটিৰ হাৰ প্ৰায় ২.৩০ শতাংশলৈ বৃদ্ধি পাইছে।

তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত কৰ’নাত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সংখ্যাটোৱে অলপ সকাহ দিছে। এতিয়ালৈকে দেশত মুঠ কোভিড মৃত্যুৰ সংখ্যা হৈছে ৫লাখ ২৪ হাজাৰ ৭৬১জন।

দৈনিক কৰ’না ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ লগতে লগতে সুস্থতাৰ হাৰেও উদ্বেগৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি, দেশত এতিয়ালৈকে ৪ কোটি ২৬ লাখ ৫২ হাজাৰ ৭৪৩ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত মাত্ৰ ৪,৪৩৫ জন লোকহে কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে। সুস্থতাৰ হাৰ ৯৮.৬৮ শতাংশলৈ হ্ৰাস পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৯৫কোটি ৭লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৩ লাখৰো অধিক লোকক ভেকচিন প্ৰদান কৰা হয়।