ভাৰত আৰু ৰাছিয়াৰ মাজত ব্যৱসায় আৰু বিনিয়োগৰ সম্পৰ্ক ভাউন্নত কৰাৰ বাবে ছটা নতুন গুৰুত্বপূৰ্ণ প্ৰকল্পত একেলগে কাম কৰিবলৈ সহমতত উপনিত হৈছে দুখন দেশ। নতুন দিল্লীত অনুষ্ঠিত দুয়োখন দেশৰ মাজত বিনিয়োগৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ওপৰত কেন্দ্ৰিত গোটৰ অষ্টম অধিৱেশনৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। বাণিজ্য, বিজ্ঞান, প্ৰযুক্তি আৰু সংস্কৃতিৰ বিষয় সামৰি লোৱা এক চুক্তিৰ অধীনত এই বৈঠক অনুষ্ঠিত হৈছিল বুলি জানিব পৰা গৈছে।
বৈঠকত নেতাসকলে প্ৰকল্পসমূহৰ তালিকা সম্বলিত এখন নথিত স্বাক্ষৰ কৰিছিল আৰু পূৰ্বৰ বৈঠকৰ ফলাফল পৰীক্ষা কৰিছিল। এই বৈঠকত অৰ্থনৈতিক সম্পৰ্ক বঢ়োৱাৰ উপায়ৰ বিষয়ে আলোচনাৰ লগতে দুয়োখন দেশে বিনিয়োগ আৰু বাণিজ্যত একেলগে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
বৈঠকৰ পিছত ইনভেষ্ট ইণ্ডিয়া, ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ আৰু ৰাছিয়াৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ সহায়ত “ইণ্ডিয়া-ৰাছিয়া ইনভেষ্টমেণ্ট ফ’ৰাম” নামৰ এটা ব্যৱসায়িক অনুষ্ঠানৰো অয়োজিত হয়। ৮০টাতকৈ অধিক কোম্পানী, বেংক, জাহাজ কোম্পানী আৰু দুয়োখন দেশৰ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অমৰদ্বীপ সিং ভাটিয়া আৰু ৰাছিয়াৰ অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়ৰ ভ্লাদিমিৰ ইলিয়েচেভে এই অধিৱেশনৰ নেতৃত্ববহন কৰিছিল। দুয়োখন দেশ একেলগে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে।
ভাৰত আৰু ৰাছিয়া পৰা ঘনিষ্ঠতা বহু পুৰণি। ২০০০ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত এখন ডাঙৰ চুক্তিৰ পিছত দুইদেশৰ সম্পৰ্ক আৰু শক্তিশালী হৈছিল। তেতিয়াৰ পৰা দুয়োখন দেশে ৰাজনীতি, প্ৰতিৰক্ষা, ব্যৱসায়, বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰত একেলগে কাম কৰি আহিছে। ২০১০ চনত ভাৰত ৰাছিয়াৰ সম্পৰ্ক বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল।