উত্তৰ-পূৰ্বাঞ্চলৰে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগৰ পৰিকল্পনাত চীনৰ সহযোগিতা বিচাৰিলে কেন্দ্ৰই

f1c62b7fd1f4a8a91d96f3b335f4e3b5

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে বাংলাদেশৰ চিটাগং বন্দৰক সংযোগ কৰাৰ ভাৰত চৰকাৰৰ নতুন প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চীনৰ সহযোগিতা বিচাৰিছে।

উল্লেখ্য যে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ, উত্তৰ-পূবৰ বিজেপি-শাসিত তিনিখন ৰাজ্য অসম নাগালেণ্ড আৰু ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰীসকলৰ বৰ্তমান চীন ভ্ৰমণৰত দলটোৱে চীন চৰকাৰলৈ এই অনুৰোধ জনাইছে।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰত-চীন সীমান্তত অৱস্থিত আৰু তিব্বতৰ বিবাদমান এলেকাৰ সৈতে সীমান্ত এলেকা থকা অৰুণাচল প্ৰদেশৰ কোনো মন্ত্ৰী এই দলটোত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

অৰুণাচলৰ কিছু কিছু এলেকাত চীনে দাবী সাব্যস্ত কৰিব বিচাৰে বাবে এই ক্ষেত্ৰত এটা সমস্যা আছে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে স্বীকাৰ কৰিছে।

মাধৱে কৈছে, ‘‘অৰুণাচলক লৈ আমাৰ সমস্যা আছে।’’ মাধৱৰ ঘোষণাটো উল্লেখোযগ্য, কাৰণ, চীনে সীমান্তত ‘বেল্ট এণ্ড ৰ’ড ইনিচিয়েটিভ’ৰ (অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে ঐতিহাসিক ছিল্ক ৰ’ডেৰে চীনৰ সৈতে ইউৰেছিয়ান দেশসমূহক সংযোগ কৰি নিৰ্মাণ কৰাৰ চীন চৰকাৰৰ এটা প্ৰস্তাৱ) বিষয়ত ভাৰতে অনিচ্ছুকতা দেখুৱাই আহিছে।

তেওঁ আৰু কৈছে যে চীনে ইলেক্ট্ৰনিক বাইকৰ বেটাৰী আদি উপভোক্তা সামগ্ৰী নিৰ্মাণ কৰা আদিত বিনিয়োগ কৰিব পাৰে। চীনে আন্তৰ্গাঁথনি নিৰ্মা্ণ কৰাৰ বিষয়ত মাধৱে কোনো উল্লেখ কৰা নাই। ‘‘পৰস্পৰ উপকৃত হোৱা আঁচনিসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতহে আমি আগ্ৰহী।’’ মাধৱে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা বিজেপিৰ সম্পাদকগৰাকীয়ে কৈছ যে দক্ষিণ-পশ্চিম চীনে  মাজেৰে চিটাগং হৈ ভাৰত মহাসাগৰলৈ যোৱাৰ বাবে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰীয় স্থল হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁ আৰু কৈছে যে ভাৰতে নেপাল, ভূটান, ভাৰত আৰু বাংলাদেশক উপ-আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তুলি আছে। তেওঁ কয়  চীনকো চিটাগঙৰ মাজেৰে ভাৰত মহাসাগৰলৈ যোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক ব্যৱহাৰ কৰাৰ বাবে নিমন্ত্ৰণ জনায়।

নতুন পৰিকল্পনা অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সামগ্ৰী মুম্বাই আৰু চেন্নাই বন্দৰৰ সলনি চিটাগং বন্দৰলৈ লৈ যোৱা হ’ব। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চললৈ ৰে’ল বা স্থলপথেৰে মুম্বাই আৰু চেন্নাইৰ পৰা কলকাতাৰ মাজেৰে গুৱাহাটীলৈ পৰিবহণ কৰা হয় বুলি তেওঁ কয়।