ভাৰতত ৪.২৫ লাখ কোটি টকাৰ বিবাহ! চলিত বৰ্ষৰ শেষৰ পিনে প্ৰায় ডেৰ মাহতে ব্যয় হ’ব এই টকা

প্ৰতিনিধিত্বমূলক ফটো।

আম্বানি পৰিয়ালৰ অনন্ত-ৰাধিকাৰ বিয়াৰ স্মৃতি এতিয়া ম্লান পৰিছে। আম্বানী পৰিয়ালৰ বিয়াত পাঁচ হাজাৰ কোটি টকা খৰচ কৰাৰ চৰ্চাও এতিয়া আৰু নাই। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত ৪.২৫ লাখ কোটি টকা খৰচ হ’ব কেৱল বিয়াৰ বাবে।

ভাৰতত বিয়া আৰু ইয়াৰ আনুষংগিক অনুষ্ঠানৰ খৰচ অৰ্থনীতিৰ এক ডাঙৰ অংশ। এটা সংস্থাই এই বিবাহ সমীক্ষা চলায়। ইয়াৰ নাম বেণ্ড বাজা ভাৰত এণ্ড মাৰ্কেটিং। সেই সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অহা নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মাজভাগলৈকে ভাৰতত প্ৰায় ৩৫ লাখ বিবাহ হ’ব। আৰু সেই সকলোবোৰ বিয়াৰ মুঠ খৰচ প্ৰায় ৪.২৫ লাখ কোটি টকা।

লগতে পঢ়কঃ Knee Pain Remedy: অসহ্য আঁঠুৰ বিষ? ঘৰত থকা এই ৪ টা বস্তুৱে এসপ্তাহতে দিব সকাহ

ডিচেম্বৰৰ মাজভাগলৈ আঘোণ মাহ। তাৰ পিছত পুহ। হিন্দু ধৰ্মৰ মতে পুহ মাহত কোনো বিবাহ নহয়। অত্যধিক শীতকালৰ পৰা হাত সাৰিবলৈ বহুতে নৱেম্বৰ-ডিচেম্বৰ মাহত বিয়াৰ দিন বিচাৰে। সমীক্ষকসকসকলৰ মতে, উৎসৱৰ ঠিক পিছতেই বিয়াৰ বতৰ আৰম্ভ হয়। এই সময়ছোৱাত অৰ্থনীতি শক্তিশালী হয়। শ্বেয়াৰ বজাৰতো উত্থান ঘটে।

উৎসৱ ভাৰতৰ অৰ্থনীতিৰ মূল ভেটি। বিবাহ ইয়াৰ এটা অংশ। বিবাহৰ দৰে অনুষ্ঠানত বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ পকেটত টকা সোমায়। কেৱল নৱেম্বৰ-ডিচেম্বৰ মাহতে নহয়, ভাৰতত গোটেই বছৰটোতে বিবাহৰ বজাৰ চলি থাকে।

অল ইণ্ডিয়া বিজনেছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাইলৈ ভাৰতত ৪২ লাখ বিবাহ অনুষ্ঠিত হৈছে। আৰু এই সকলো বিবাহৰ বাবে চাৰে পাঁচ লাখ কোটি টকা খৰচ হৈছে। এইটো বছৰৰ আৰম্ভণিৰ কেইটামান মাহৰ হিচাপ। আৰু বছৰৰ শেষৰ ডেৰ মাহৰ ভিতৰত ভাৰতত প্ৰায় ৩৫ লাখ বিবাহ হ’ব। তাত ৪.২৫ লাখ কোটি টকা ব্যয় কৰা হ’ব।

লগতে পঢ়কঃভাৰতলৈ ইলিছ মাছ ৰপ্তানিত থকা নিষেধাজ্ঞা আঁতৰালে বাংলাদেশে; দুৰ্গা পূজাৰ সময়ত ৩০০০টন মৎস্য পঠিয়াবলৈ অনুমোদন

সমীক্ষাৰ প্ৰতিবেদন অনুসৰি গড়ে প্ৰতি বিয়াৰ যি খৰচ সেয়া বহু বেছি। ইমান খৰছ কৰি ভাৰতত কিমান মানুহে বিয়া পাতিছে? এই বিষয়েও সমীক্ষকসকলে বুজাই দিছে। তেওঁলোকে দাবী কৰে যে সমাজৰ সকলো স্তৰৰ লোকৰ ওপৰত এক সমীক্ষা কৰা হৈছে। উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ বহু লোকে এতিয়া ডেষ্টিনেশ্যন ওৱেডিংৰ পিনে ঢাল খাইছে। গতিকে খৰচ বাঢ়িছে। বিদেশৰ পৰা অহা বহু লোকেও ডেষ্টিনেশ্যন ওৱেডিংৰ নামত ভাৰতত বিয়া পাতিছে। সকলো মিলাইয়ে হিচাপ কৰা হৈছে। অসমৰ চুমি আৰু তাৰ্কিকৰ বিয়াখনো এই হিচাপত অন্তৰ্ভুক্ত।