• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰিছে চীনে, তীব্ৰ সমালোচনা ভাৰত চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 9:39 pm
External affairs ministry spokesperson Arindam Bagchi.

External affairs ministry spokesperson Arindam Bagchi.

320
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেইজনমান খেলুৱৈক চীনে “ষ্টেপল্ড ভিছা” প্ৰদান কৰাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ভাৰত চৰকাৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে ভাৰতে এনে কাৰ্যক কেতিয়াও মানি নলয়।

ষ্টেপল্ড ভিছা হ’ল এনে এবিধ ভিছা য’ত আবেদনকাৰীৰ পাছপ’ৰ্টত পোনপটীয়াকৈ ষ্টাম্প লগোৱা নহয় । চীনে  অৰুণাচলৰ খেলুৱৈ সকলক এনে ভিছা প্ৰদানৰ কাৰণ হৈছে অৰুণাচলক নিজৰ ভূখণ্ডৰ অংশ বুলি চীনৰ দীৰ্ঘদিনীয়া দাবী। 

 অৰিন্দম বাগচিয়ে কয় যে ভাৰতে চীনৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে আৰু ভাৰতীয় নাগৰিকৰ ভিছা ব্যৱস্থাত বাসস্থান বা জাতিগত ভিত্তিত কোনো ধৰণৰ বৈষম্য হ’ব নালাগে।

সূত্ৰসমূহে জনোৱা মতে, বিশ্ব বিশ্ববিদ্যালয় গেমছত অংশগ্ৰহণৰ বাবে চীনৰ চেংডুলৈ উছু খেলুৱৈৰ ১২ জনীয়া দলৰ ভ্ৰমণ বুধবাৰে নিশা বাতিল কৰা হয় কাৰণ দলটোৰ অৰুণাচল প্ৰদেশৰ তিনিজন খেলুৱৈক ষ্টেপল্ড ভিছা দিয়া হৈছিল। চৰকাৰে বিষয়টো পৰীক্ষা কৰাৰ পিছতে দলটোৰ ভ্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

বাগচিয়ে কয় যে আমাৰ দৃষ্টিগোচৰ হৈছে যে চীনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত দেশখনক প্ৰতিনিধিত্ব কৰা আমাৰ একাংশ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰা হৈছিল। আমি ইয়াৰ উচিত প্ৰতুত্তৰ দিছোঁ।

দলটোৰ আন সদস্যসকলে স্বাভাৱিক ভিছা লাভ কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ খেলুৱৈসকলক ষ্টেপল্ড ভিছা দিয়া হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। বিগত সময়তো চীনে অৰুণাচল প্ৰদেশৰ নাগৰিকক ষ্টেপল্ড ভিছা প্ৰদান কৰিছিল।

উল্লেখ্য যে, চীনে দাবী কৰে অৰুণাচল দক্ষিণ তিব্বতৰ অংশ। এপ্ৰিল মাহত ভাৰতে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম সলনি কৰিছিল।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd