শত্ৰুৰ নিদ্ৰা হৰণ কৰি ভাৰতে অত্যাধুনিক এণ্টি টেংক গাইডেড মিছাইল ‘Nag Mk 2’ অন্তৰ্ভুক্ত কৰিছে। সোমবাৰে ৰাজস্থানৰ পোখৰাণত এই অত্যাধুনিক তৃতীয় প্ৰজন্মৰ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পূৰ্ণ হয়। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এই ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ পোখৰাণ ফায়াৰিং ৰেঞ্জত সেনা বিষয়াৰ উপস্থিতিত সম্পূৰ্ণ কৰা হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, সোমবাৰে পোখৰাণত এই অত্যাধুনিক এণ্টি টেংক গাইডেড মিছাইলটো কম আৰু দীৰ্ঘ দূৰত্বত পৰীক্ষা কৰা হয়। দুয়োটা পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হয় ‘নাগ এম কে ২’। আশা কৰা হৈছে যে এই ক্ষেপণাস্ত্ৰই যিকোনো যুদ্ধক্ষেত্ৰত যিকোনো অত্যাধুনিক টেংক ধ্বংস কৰিবলৈ সক্ষম হ’ব।
জানিব পৰা মতে, ক্ষেপণাস্ত্ৰই কোনটো লক্ষ্যত আঘাত কৰিব সেইটো আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ পিছত ক্ষেপণাস্ত্ৰই শত্ৰুৰ টেংকত মাৰাত্মক আঘাত হানে। টেংক যিমানেই অত্যাধুনিক নহওক কিয়, ‘নাগ’ তাক ধ্বংস কৰিবলৈ সক্ষম।
বিশেষজ্ঞসকলে দাবী কৰিছে যে ‘নাগ মাৰ্ক ২’ যিকোনো জটিল অভিযানত ভাৰতীয় সেনাৰ এক গুৰুত্বপূৰ্ণ অস্ত্ৰ হ’বলৈ গৈ আছে। পোখৰাণত সফল ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ অন্তত ডি আৰ ডি অ’ক অভিনন্দন জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ লিখিছে, “নাগ এম কে ২-য়ে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সফলতা পুনৰবাৰ প্ৰমাণ কৰিলে।”
ডি আৰ ডি অ’ৰ মতে নাগ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব হ’ল ই জটিলতাহীন আৰু সহজ আৰু সঠিকভাৱে লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। ই যিকোনো আধুনিক টেংক আৰু সজ্জিত বাহন নিমিষতে ধ্বংস কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও যুদ্ধক্ষেত্ৰত প্ৰয়োজনীয় যিকোনো ঠাইত ইয়াক সহজে নিয়োগ কৰিব পাৰি। কঢ়িয়াই নিয়াতো সহজ।