৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পিছতেই যেন যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ উঠিছে ভাৰত।
বৃ্হস্পতিবাৰে ভাৰতে পৰীক্ষামূলকভাবে নিক্ষেপ কৰিলে পাৰমাণৱিক বোমা কঢ়িয়াই নিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল । কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে বৃহস্পতিবাৰে কৰা এই পৰীক্ষা সফল বুলি জানিবলৈ দিয়ে। সীমান্তত চীনৰ সৈতে উত্তেজনাৰ মাজতে নতুন দিল্লীয়ে নিজৰ সামৰিক সামৰ্থ্য দেখুৱাবলৈ এই পৰীক্ষা চলোৱা বুলি অনুমান কৰা হৈছে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোচিয়ে কয় যে বৃহস্পতিবাৰে ওড়িশাত অৱস্থিত আব্দুল কালাম দ্বীপৰ পৰা ‘অগ্নি-৫’ নামৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰা হয়।
এটা টুইটত প্ৰহ্লাদ যোশীয়ে কয় – অগ্নি-৫ ক্ষেপণাস্ত্ৰই ৫৪০০ কিলোমিটাৰ বা তাতকৈ অধিক দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে, “এই ক্ষেপণাস্ত্ৰই আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাত নতুন সামৰ্থ্যৰ সৃষ্টি কৰিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব।”
ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ পূৰ্বে ভাৰত চৰকাৰে বংগোপসাগৰক ‘ন’ ফ্লাই জ’ন’ ঘোষণা কৰি অধিসূচনা জাৰি কৰিছিল। একে সময়তে এই ক্ষেপণাস্ত্ৰই চীনৰ যিকোনো ঠাইত আঘাত কৰিবলৈ সক্ষম বুলিও খবৰ ওলাইছিল।
যোৱা সোমবাৰে ভাৰতীয় সেনাই এই সংঘৰ্ষত দুয়োপক্ষৰ জোৱান আহত হোৱা বুলি জানিবলৈ দিয়ে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কোনো ভাৰতীয় জোৱান গুৰুতৰভাৱে আহত হোৱা নাই। ঘটনাৰ লগে লগে দুয়োপক্ষৰ সৈন্য সীমান্ত অঞ্চলৰ পৰা আঁতৰি যায়।
২০২০ চনৰ জুন মাহত পূব লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হৈছিল। সেই সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল। দশক দশক ধৰি চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা এই সংঘৰ্ষ আছিল আটাইতকৈ মাৰাত্মক সংঘৰ্ষ। তেতিয়াৰ পৰাই দুয়োখন দেশৰ সীমান্তত উত্তেজনা আৰম্ভ হয়।