NORTHEAST NOW (Assamese)

দুই-এদিনতে তৃতীয় পৰ্যায়ৰ পৰীক্ষণত প্ৰৱেশ কৰিব ভাৰতৰ থলুৱা ক’ৰ’না ভেকচিনে

August 18, 2020 9:54 pm · এন ই নাও নিউজ

ভাৰতত থলুৱাভাৱে নিৰ্মিত হৈ থকা তিনিটা ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ ভিতৰত এটা ভেকচিনে আজি-কালিৰ ভিতৰত মানৱ দেহত তৃতীয় পৰ্যায়ৰ পৰীক্ষণত প্ৰৱেশ কৰিব।

নীতি আয়োগৰ সদস্য ভি কে পলে মঙলবাৰে সংবাদমেলত সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

আনহাতে, অন্য দুটা ভেকচিনো বৰ্তমান সময়ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণত প্ৰৱেশ কৰিছে বুলি পলে লগতে কয়।

”ক’ৰ’না ৰোগৰ নতুন নতুন কিছু দিশ দৃষ্টিগোচৰ হৈছে। চিকিৎসা বিজ্ঞানী আৰু গৱেষক সকলে এই সম্পৰ্কতো গৱেষণা অব্যাহত ৰাখিছে,” সংবাদমেলত নীতি আয়োগৰ সদস্য গৰাকীয়ে পুনৰ কয়।

উল্লেখযোগ্য যে, ভাৰত বায়োটেক আৰু ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে যুটীয়াভাৱে ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ নিৰ্মাণ কৰি উলিওৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ৰাছিয়াই ইতিমধ্যে বিশ্বৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ ভেকচিন মুকলি কৰিছে যদিও বিশ্বৰ বহু দেশে ৰাছিয়াৰ ভেকচিনক এতিয়াও বিশ্বাসত সম্পুৰ্ণকৈ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নায়।

 

Related News