শীঘ্ৰে ভাৰতে মুকলি কৰিব হাইড্ৰ‘জেনচালিত ট্ৰেইন। ৰে’লৱে মন্ত্ৰী অশ্ৱিনী বৈষ্ণৱে মঙলবাৰে ‘X’যোগে এইকথা প্ৰকাশ কৰে। চেন্নাইৰ Integral Coach Factoryত হাইড্ৰ‘জেনচালিত ট্ৰেইনখন পৰীক্ষামূলকভাৱে চলাই থকা হৈছে।
এই বৃহৎ প্ৰকল্পটোৰ বাবে দেশৰ ৰে’লৱে মন্ত্ৰণালয়ে ২০২৩-২৪ বৰ্ষত আৱণ্টন কৰিছে ২৮০০ কোটি টকা। দেশৰ ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আটাইতকৈ গুৰুত্ৱপূৰ্ণ দিশটো হৈছে, ৰে’ল নিৰ্মাণৰ বাবে লগা যাৱতীয় প্ৰযুক্তিসমূহ ভাৰততে যাতে নিজেই নিৰ্মাণ কৰি ল’ব পাৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু এই নিৰ্মাণৰ কামসমূহ কৰি আছ Research Design and Standards Organisation (RDSO)য়ে।
হাৰিয়ানাৰ, জিন্দৰ পৰা ছ’নিপটলৈ যোৱা ৰে’লপথত প্ৰথমবাৰলৈ চলিব দেশৰ প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল। পথটোৰ ব্যৱধান এই ৰে’লখন চলিবৰ বাবে সুবিধাজনক। দেশৰ ইতিহাসত এই পথটো হৈ পৰিব প্ৰথমবাৰৰ বাবে শূন্য নিৰ্গমনৰ ৰে’ল চলাচল কৰা ভাৰতৰ ভিতৰতে প্ৰথমটো ৰে’লপথ।
এই ট্ৰেইনখনত থাকিব ১২০০ হৰ্ছ পাৱাৰৰ শক্তিশালী ইঞ্জিন, লগতে, ২৬০০ গৰাকী যাত্ৰী কঢ়িয়াব পৰা এই ৰে’লখনৰ দৈৰ্ঘ্যৰ প্ৰতি লক্ষ্য ৰাখি, এইখন পৃথিৱীৰ আটাইতকৈ শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল হ’ব বুলি প্ৰকাশ কৰিছে ৰে’লৱে মন্ত্ৰণালয়ে।
এই প্ৰকল্পটোৰ অধীনত কি কি আছে?
– দেশত ৩৫খনত হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰা।
– প্ৰতিখন ৰে’লৰ নিৰ্মাণত ব্যয় হ’ব ৮০ কোটি টকা।
– হাইড্ৰ’জেনচালিত ৰে’লৰ বাবে উপযুক্ত ৰে’লপথ নিৰ্মাণ আৰু এই পথসমূহৰ আন্তঃগাঁথনি প্ৰস্তুত কৰিবলৈ প্ৰতিটো ৰে’লপথৰ বাবে ৭০ কোটি টকাৰ বিনিয়োগ।