আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ গেঙৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ পদক্ষেপ। ড্ৰাগছ সম্পৰ্কীয় অপৰাধত জড়িত ১৬ হাজাৰ বিদেশীক বিতাড়নৰ প্ৰস্তুতি আৰম্ভ কৰিছে গৃহ মন্ত্ৰালয়ে। বৰ্তমান এইসকল বিদেশী নাগৰিক দেশৰ কেইবাখনো ৰাজ্যৰ কাৰাগাৰ বা ডিটেনচন কেম্পত বন্দী হৈ আছে। নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)ৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা বুলি গৃহ মন্ত্ৰালয়ে জনাইছে। যাৰ লক্ষ্য দেশৰ ড্ৰাগছ গেং নেটৱৰ্ক ভাঙি ‘ড্ৰাগছ ফ্ৰী ইণ্ডিয়া’ অভিযানক আৰু অধিক শক্তিশালী কৰা।
কেন্দ্ৰীয় বিষয়াসকলে জনাইছে যে এই ১৬ হাজাৰ অপৰাধী ড্ৰাগছ সৰবৰাহ, পৰিবহণ সম্পৰ্কীয় বিভিন্ন অপৰাধৰ সৈতে জড়িত। ইয়াৰে অধিকাংশ অপৰাধী বাংলাদেশ, ফিলিপাইনছ, ম্যানমাৰ, মালয়েছিয়া, ঘানা আৰু নাইজেৰিয়াৰ বাসিন্দা। এনচিবিৰ প্ৰতিবেদন অনুসৰি এই অপৰাধীসকলে সংগঠিত নেটৱৰ্কৰ জৰিয়তে ভাৰতৰ মাটিত এক বিশাল ড্ৰাগছ ট্ৰেনজিট হাব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। সূত্ৰ অনুসৰি এই অপৰাধীসকলৰ বিশদ তালিকা এনচিবিয়ে গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। দেশৰ নতুন অনুপ্ৰৱেশ আইনৰ জৰিয়তে চৰকাৰে নিজ নিজ দেশলৈ পঠিয়াব অপৰাধীক।
এই পদক্ষেপে এফালে দেশৰ ড্ৰাগছ গেঙৰ শিকলি ভাঙি পেলাব, আৰু আনফালে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি অপৰাধ সংঘটিত কৰা কোনো লোকক চৰকাৰে সহ্য নকৰে বুলি বাৰ্তা প্ৰেৰণ কৰিব। কেন্দ্ৰীয় সংস্থাটোৰ মতে, যোৱা কেইবছৰমানৰ পৰা দেশত ড্ৰাগছ সৰবৰাহৰ লগত বিদেশী নাগৰিকৰ জড়িততা যথেষ্ট বৃদ্ধি পাইছে। এই ঘটনা বৃহৎ চহৰ আৰু উপকূলীয় ৰাজ্যত বেছিকৈ দেখা গৈছে। যাৰ বাবে চৰকাৰে এই অপৰাধীসকলক বিতাড়িত কৰাৰ পদক্ষেপত গুৰুত্ব আৰোপ কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ চৰকাৰে দেশত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। ইয়াৰ বাবে এণ্টি-নাৰ্কটিকছ টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী বিষয়াসকলক ড্ৰাগছ সৰবৰাহক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হিচাপে চাবলৈ নিৰ্দেশ দিছে। আৰু ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।