NORTHEAST NOW (Assamese)

ভাৰতে আফ্ৰিকালৈ আগবঢ়াব ১ কোটি কোভিড ভেকচিন

January 29, 2021 2:14 pm · এন ই নাও নিউজ

বিশ্ব স্বাস্থ্য সংস্থাৰ কোভাক্স অভিযানৰ অধীনত ভাৰতে আফ্ৰিকালৈ ১ কোটি আৰু ৰাষ্ট্ৰসংঘৰ কৰ্মীসকললৈ ১০ লাখ কোভিড ভেকচিন পঠিয়াব।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।

ভাৰতে এতিয়ালৈ ইয়াৰ ওচৰ চুবুৰীয়া দেশসমূহলৈ ৫৫ লাখতকৈ অধিক কোভিড ভেকচিন অনুদান হিচাপে আগবঢ়াইছে।

‘‘আমি ওচৰ চুবুৰীয়াৰ প্ৰতি দায়িত্বশীলতাৰ পৰিচয়েৰে ওচৰৰ দেশ সমূহৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছো,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে লগতে কয়।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘই ভাৰতৰ কোভিড প্ৰস্তুত কৰাৰ ক্ষমতাক উচ্চ প্ৰশংসা কৰাৰ লগতে ভাৰতক ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশ্বৰ সম্পদ হিচাপে অভিহিত কৰে।

ভাৰতে ইতিমধ্যে নেপাল, ভূটান, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, বাহৰেইন আদি দেশলৈ অনুদান হিচাপে কোভিডৰ ভেকচিন আগবঢ়াইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ভাৰতে ওচৰ চুবুৰীয়ালৈ ভেকচিন আগবঢ়োৱা কাৰ্য্যক উচ্চ প্ৰশংসা কৰে।

Related News