ইংলেণ্ড বনাম ভাৰত : শৃংখলাত জয়লাভেৰে আইচিচি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন টীম ইণ্ডিয়াৰ

মেন অৱ দ্যা চিৰিজ ৰবীচন্দন অশ্বিনে গঢ়িলে নতুন অভিলেখ

অৱশেষত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত আশানুৰূপভাৱেই বিজয়ী হ’ল টীম ইণ্ডিয়া।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ তথা অন্তিমখন মেচৰ তৃতীয় দিনাখনেই টীম ইণ্ডিয়াই আলহী দলটোক বিমুখ কৰি পঠায়।

এক ইনিংছ আৰু ২৫ ৰাণৰ বিনিময়ত বিজয়ী হৈ টীম ইণ্ডিয়াই এই ঈৰ্ষণীয় কৃতিত্বৰ অধিকাৰী হৈছে।

প্ৰথমদিনা টছত জিকি ইংলেণ্ডৰ ইনিংছ ২০৫ ৰাণত সমাপ্ত হোৱাৰ বিপৰীতে টীম ইণ্ডিয়াই ৩৬৫ ৰাণ সংগ্ৰেহেৰে টেষ্টখনত চালকৰ আসনত উপৱিষ্ট হয়।

টীম ইণ্ডিয়াৰ এই সুদৃঢ় স্থিতিৰ মূলতে আছিল উইকেট কীপাৰ ঋষভ পণ্টৰ দুৰ্দান্ত শতকীয় ইনিংছ।

নৱাগত উইকেটকীপাৰজনৰ ১০১ (১১৮) ৰাণৰ ইনিংছটোৱে ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞসকলৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছে।

পণ্টৰ উপৰিও নৱাগত অলৰাউণ্টাৰ ৱাশ্চিংটন সুন্দৰেও ৯৬ (১৭৪) ৰাণৰ অনবদ্য প্ৰদৰ্শন আগবঢ়ায়।

স্পীনাৰ তথা মেচখনৰ অন্যতম আকৰ্ষণ অক্ষৰ পেটেলে ৪৩ (৯৭) ৰাণেৰে ৱাশ্চিংটন সুন্দৰক সুন্দৰ সহযোগিতা আগবঢ়ায়।

আনহাতে ৰোহিত শৰ্মা (৪৯)ৰ বাদে টীম ইণ্ডিয়াৰ শীৰ্ষ বেটিং ক্ৰমে বিশেষ প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে।

ইংলেণ্ডৰ হৈ বেন ষ্টকছে চাৰিটা, জেম এণ্ডাৰছনে তিনিটা আৰু জেক লীচে দুটাকৈ উইকেট হস্তগত কৰে।

১৬০ ৰাণত পাছ পৰি ৰোৱা ইংলেণ্ডে দ্বিতীয় ইনিংছ আৰম্ভ কৰিয়েই মুখামুখী হয় বেটিং বিপৰ্যয়ৰ।

ইনিংছৰ চতুৰ্থ অভাৰৰ চতুৰ্থ বলত অশ্বিনে অপেনাৰ জেক ক্ৰ’লী (৫)ক উভটাই পঠোৱাৰ পাছৰ বলটোতে জনী ব’ৰিষ্ট’ (০)কো পেভিলিয়নমুখী কৰে।

ডান ল’ৰেন্স (৫০) আৰু জ’ ৰুট (৩০)-ৰ বাদে আলহী দলটোৰ কোনো বেটছমেনে দীৰ্ঘ সময়ধৰি উইকেটত টিকি থাকিব নোৱাৰিলে।

প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জন কৰা বেন ষ্ট’কছে মাত্ৰ ২ ৰাণতে আউট হয়।

আলহী দলটোৰ আটাইকেউটা উইকেট অক্ষৰ আৰু অশ্বিনে ভগাই লয়।

দুয়োৱে পাঁচ উইকেট লাভ কৰিবলৈ সক্ষম হয়।

অক্ষৰ-অশ্বিনৰ স্পীনৰ যাদুত মাত্ৰ ১৩৫ ৰাণতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছ সমাপ্ত হয়।

যাৰ ফলত টীম ইণ্ডিয়াই এক ইনিংছ আৰু ২৫ ৰাণৰ ব্যৱধানত দুৰ্দান্ত বিজয়লাভ কৰে।

মেন অৱ দ্যা চিৰিজ হিচাপে বিবেচিত হয় ৰবীচন্দ্ৰন অশ্বিন।

শৃংখলাটোত বেটে বলে উজ্বলি উঠা অশ্বিনে সমগ্ৰ শৃংখলাটোত ৩২ টাকৈ উইকেট হস্তগত কৰিছে।

উল্লেখযোগ্য যে দুবাৰকৈ এটা শৃংখলাত ৩০ৰো অধিক উইকেট লাভ কৰা অশ্বিন প্ৰথমজন ভাৰতীয় বলাৰ।

ইয়াৰ পূৰ্বে ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলাত অফ স্পীনাৰগৰাকীয়ে ৩১ টাকৈ উইকেট দখল কৰিছিল।

আনহাতে মেচখনত টীম ইণ্ডিয়াৰ হৈ শতকীয় ইনিংছেৰে নিৰ্ণায়ক ভূমিকা পালন কৰা ঋষভ পণ্টে লাভ কৰিছে মেন অৱ দ্যা মেচৰ সন্মান।

এই শৃংখলা বিজয়েৰে জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব লগা ৱৰ্ল্ড টেষ্ট চেম্পিয়নছশ্বিপ ফাইনেলৰ বাবেও টীম ইণ্ডিয়াই যোগ্যতা অৰ্জন কৰে।

এই প্ৰতিযোগিতাখনত বিৰাট কোহলী বাহিনীটোৱে সমুখীন হ’ব কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডৰ স’তে।