প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ১৫ মাহৰ পাছত প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ।

দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখনীয়া এদিনীয়া শৃংখলাটোৰ প্ৰথমখন মেচত ভাৰতে ৮ উইকেটত পৰাজীত হয়।

লক্ষ্নৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে বেটে-বলে শোচনীয় প্ৰদৰ্শন দাঙি ধৰে।

প্ৰথমে বেট ধৰি ভাৰতে ৫০ অভাৰত ৯ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১৭৭ ৰাণ।

১৭৮ ৰাণৰ লক্ষ্য লৈ আগবঢ়া দক্ষিণ আফ্ৰিকাই মাত্ৰ দুটা উইকেটৰ বিনিময়ত ৪০.১ অভাৰতে বিজয় সাব্যস্ত কৰে।

দক্ষিণ আফ্ৰিকাৰ অপেনাৰদ্বয় লিজেল্লে লী আৰু লাউৰা ৱলভাৰ্টে প্ৰথম উইকেটতে সংগ্ৰহ কৰে ১৬৯ ৰাণ।

লীয়ে ১২২ টা বলত ১২২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৱলভাৰ্টে ১১০ টা বলৰ সমুখীন হৈ সংগ্ৰহ কৰে ৮০ ৰাণ।

তেওঁলোকৰ এই বিস্ফোৰক অপেনিং যুটিটোৱে সহজেই দলক বিজয় লক্ষ্যত উপনীত কৰোৱায়।

ফাষ্ট বলাৰ ঝুলন গোস্বামীৰ বাদে আন কোনো ভাৰতীয় বলাৰে সফলতাৰ মুখ নেদেখিলে।

গোস্বামীয়ে ১০ অভাৰত ৩৮ ৰাণৰ বিনিময়ত লী আৰু ৱলভাৰ্টৰ উইকেট দুটা সংগ্ৰহ কৰে।

আনহাতে ভাৰতে প্ৰথম ইনিংছ আৰম্ভ কৰিয়েই মুখামুখী হয় বেটিং বিপৰ্যয়ৰ।

মিথালী ৰাজ আৰু হৰমনপ্ৰীত কৌৰৰ বাদে আন কোনো ভাৰতীয় বেটছঅ’মেনে বিশেষ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে।

মিথালী ৰাজে ৮৫টা বলত ৫০ ৰাণেৰে এটা ধৈৰ্যশীল ইনিংছ আগবঢ়ায়।

আনহাতে হৰমনপ্ৰীতে ৪১ টা বলত ৪০ ৰাণৰ বৰঙণি আগবঢ়ায়।

দুয়োৱে ৬২ ৰাণৰ এটা গুৰুত্বপূৰ্ণ যুটি বান্ধে।

দক্ষিণ আফ্ৰিকাৰ হৈ আটাইতকৈ সফল বলাৰ হিচাপে চাবনিম ইছমাইলে ১০ অভাৰত ২৮ ৰাণৰ বিনিময়ত তিনিটাকৈ উইকেট লাভ কৰে।