NORTHEAST NOW (Assamese)

মোডী চৰকাৰক তীব্ৰ সমালোচনা! একেৰাহে তিনিবাৰকৈ ভিছা বাতিল ভাৰতীয়মূলৰ আমেৰিকান সমাজকৰ্মীৰ

February 10, 2025 3:02 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 10, 2025 3:15 pm

২০২০ চনত নাগৰিকত্ব আইন CAA আৰু NRCক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। সেইবাবেই তিনিবাৰকৈ ভিছাৰ আবেদন নাকচ কৰাঽ হ’ল ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ তথা সমাজ কৰ্মী খামা সাৱন্তৰ।

সমাজকৰ্মীগৰাকীয়ে অভিযোগ কৰে যে যোৱা বছৰৰ মে’ আৰু জুন মাহত বাংগালুৰুত মাতৃৰ অসুস্থতাৰ বাবে মাতৃৰ ওচৰলৈ যাবলৈ ভিছাৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন দুবাৰকৈ নাকচ কৰা হয়। তাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহত খামা আৰু তেওঁৰ স্বামী কেলভিন প্ৰিষ্টে পুনৰ একে কাৰণতে জৰুৰীকালীন ভিছাৰ বাবে আবেদন কৰিছিল। যদিও কেলভিনৰ ভিছা অনুমোদন হৈছিল, তথাপিও খামাই ভিছা লাভ কৰা নাছিল।

খামাই লিখিছে, ‘মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ লোৱা হৈছে।”

তেওঁ দাবী কৰে যে কেৱল তেওঁ নহয়, মোডী চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলোৱেই ‘ৰাজকীয় ক্ৰোধ’ত পৰিছে।

বাৰে বাৰে ভিছা বাতিলৰ প্ৰতিবাদত খামাই নিজৰ সংগঠনৰ সদস্যৰ সৈতে কনছুলেটৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

মন কৰিবলগীয়া যে ২০২০ চনত খামা সাৱন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক (CAA) আৰু এন আৰ চিক লৈ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। আনকি তেওঁ ছিয়াটল চিটি কাউন্সিলত এই দুখন বিধেয়কৰ বিৰুদ্ধে নিন্দামূলক প্ৰস্তাৱ গৃহীত কৰিছিল। সেই সময়ত তেওঁ CAA আৰু NRCৰ বিৰুদ্ধেও জাতিগত বৈষম্যৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে, মহাৰাষ্ট্ৰৰ দলিত নেতা তথা বি আৰ আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰে মাৰ্চি ভিছাৰ সন্দৰ্ভত মাত মাতিছে। তেওঁৰ এক্স হেণ্ডেলত তেওঁ লিখিছে, “বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া সকলৰ বিৰোধিতা কৰিছে নেকি মোডী চৰকাৰে?’’

Related News