ক’ৰ’ণা চিকিৎসাৰ নতুন পদ্ধতি আৱিস্কাৰ কৰি পুৰস্কৃত ভাৰতীয় বংশোদ্ভূত এগৰাকী ১৪ বছৰীয়া কিশোৰী

index

ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান কিশোৰীয়ে ক’ৰ’ণা ভাইৰাছ চিকিৎসাৰ এক নতুন পদ্ধিত আৱিস্কাৰ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা চিএনএন-এ প্ৰকাশ কৰা বাতৰি অনুসৰি অনিকা চেবৰ্’লো নামৰ ১৪ বছৰীয়া টেক্সাছৰ কিশোৰী গৰাকীয়ে কোভিড১৯ৰ চিকিৎসাৰ এক নতুন পদ্ধিত উদ্ভাৱন কৰাৰ বাবে ২০২০ চনৰ ৩ মিলিয়ন যুৱ বিজ্ঞানী চেলেঞ্জ প্ৰতিযোগিতাত প্ৰতিশ্ৰুতিসম্পন্ন বিজ্ঞানীৰ পুৰস্কাৰ লাভ কৰিছে।

এই পুৰস্কাৰৰ সৈতে অনিকাই লাভ কৰিছে ২৫,০০০ ইউ এছ ড’লাৰ ভাৰতীয় মূল্যত প্ৰায় ১৮ লাখৰো অধিক ধন।

কিশোৰী গৰাকীৰ এই আৱিস্কাৰে কোভিড চিকিৎসা তথা যুঁজত এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও মন্তব্য কৰিছে বিশেষজ্ঞমহলে।

অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে এক বিশেষ কম্পিউটাৰ প্ৰ’গ্ৰামৰ যোগেদি ইনফ্লুয়েঞ্জা ভাইৰাছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে গৱেষণা কৰি আছিল।

কিন্তু হঠাতে মহামাৰী ক’ৰ’ণাই সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱাৰ বাবে কোভিড-১৯ ভাইৰাছৰ ওপৰত গৱেষণা কৰিবলৈ আৰম্ভ কৰে অনিকাই।

আৰু সেই গৱেষণাত কিশোৰী গৰাকীয়ে চিচাৰ এটি অণু আৱিস্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই অণুক কোভিড সৃষ্টিকাৰী প্ৰোটিনৰ সৈতে যুক্ত কৰি তাক নিষ্ক্ৰিয় কৰিব পাৰে, যাৰ ফলত কোভিড ভাইৰাছ অক্ষম হৈ পৰিব। অৱশ্যে অনিকাৰ গৱেষণাৰ দ্বাৰা আৱিস্কৃত পদ্ধতিটো বৰ্তমান প্ৰয়োগ হৈছে নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই।

এই পুৰস্কাৰ তথা স্বীকৃতি লাভ কৰি অত্যন্ত উৎফুল্লিত হৈছে অনিকাই। “অত্যন্ত উত্তেজনা অনুভৱ কৰিছো। এতিয়াও বিশ্বাস কৰিবই পৰা নাই।” অনিকাই কয়।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি অনিকাৰ ককাক ৰাসায়ন বিজ্ঞানৰ এজন অধ্যাপক আছিল। তেওঁৰ অনুপ্ৰেৰণাতে আমেৰিকাত ইনফ্লুৱেঞ্জা প্ৰতিৰোধৰ বাবে অনিকাই গৱেষণাৰ কাম আৰম্ভ কৰিছিল।

উল্লেখ্য যে, আমেৰিকাত ইনফ্লুৱেঞ্জাত আক্ৰান্ত হৈ প্ৰতি বছৰে বহু মানুহৰ মৃত্যু ঘটে।