NORTHEAST NOW (Assamese)

চিৰাঙত সেনাৰ দ্বাৰা নিৰ্মিত শৌচালয় উদ্বোধন

February 14, 2020 3:12 pm · এন ই নাও নিউজ
Updated: February 14, 2020 8:34 pm
শৌচালয় উদ্বোধনৰ দৃশ্য

যোৱা ১৩ ফেব্ৰুৱাৰি তাৰিখে ভাৰতীয় সেনাৰ সদ্ভাৱনা প্ৰকল্পৰ অধীনত বি টি আৰৰ চিৰাং জিলাৰ বিজনীৰ উলুবাৰী ছোৱালী হাই স্কুলত নিৰ্মাণ কৰা শৌচালয় উদ্বোধন কৰা হয়।

প্ৰেছ ইনফ’ৰ্মেচন ব্যু(ডিফেন্স উইং)গুৱাহাটীৰ জনসম্পৰ্কৰক্ষী বিষয়া(সামৰিক)  কৰ্ণেল পি খংছাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰি কয় যে বি টি আৰৰ অন্তৰ্গত বিজনীৰ উলুবাৰী ছোৱালী হাই স্কুলত ভাৰতীয় সেনাৰ “সদ্ভাৱনা প্ৰকল্প”ৰ অধীনত নিৰ্মাণ কৰা শৌচালয় গৃহ উদ্বোধন কৰে বীৰাঙ্গা নাৰী হৰেশ্বৰী দেৱীয়ে।

উদ্বোধনী অনুষ্ঠানত সেনা বিষয়া, ভি চি ডি চিৰ চেয়াৰমেন বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে প্ৰায় ২০০ ছাত্ৰী উপস্থিত থাকে।

উল্লেখ্য যে ‘স্বচ্ছ ভাৰত অভিযান মিছন’ৰ অধীনত ভাৰতীয় সেনাৰ ‘সদ্ভাৱনা প্ৰকল্প’ই নিৰ্মাণ কৰি উলিয়াইছে বিদ্যালয়খনৰ এই শৌচালয়।

উক্ত অনুষ্ঠানতে ভাৰতীয় সেনাই স্বাস্থ্যবিধি প্ৰকল্পৰ অধীনত তিনিটা চেনিটাৰী পেড নিৰ্মাণ কৰিব পৰা মেচিনো বিদ্যালয়খনলৈ প্ৰদান কৰে।

পাৰিপ্বাৰ্শিক পৰিৱেশ, স্বাস্থ্য বিধান, চেনিটাৰী পেড ব্যৱহাৰ, তথা অসুৰক্ষিত চেনিটাৰী পেডৰ পৰা হ’ব পৰা পাৰ্শ্বক্ৰিয়া আদিৰ ওপৰত ছাত্ৰীসকলৰ লগতে উপস্থিত গাঁৱবাসীৰ সৈতে এক সজাগতামূলক বাৰ্তালাপ অনুষ্ঠানৰো অনুষ্ঠিত হয়।

বিজনী উলুবাৰী হাই স্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনলৈ শৌচালয় আগবঢ়োৱাৰ বাবে ভাৰতীয় সেনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

বিদ্যালখনৰ ছাত্ৰীসকলে ভৱিষ্যতে দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ সক্ষম হ’ব আশা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

Related News