NORTHEAST NOW (Assamese)

ড্ৰোনৰ উপদ্ৰৱ বন্ধ কৰাৰ বাবে তৎপৰ ভাৰতীয় সেনা! আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে অত্যাধুনিক সঁজুলি বিচাৰি আবেদন

February 26, 2025 6:48 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাই নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ বাবে অত্যাধুনিক ড্ৰন ধৰা পেলোৱা ব্যৱস্থা বিচাৰিছে। ‘ইণ্টিগ্ৰেটেড ড্ৰন ডিটেকচন এণ্ড ইন্টাৰডিকচন চিষ্টেম স্থাপনৰ সন্দৰ্ভত সেনাই চৰকাৰলৈ তথ্যৰ বাবে অনুৰোধ (আৰ এফ আই) প্ৰেৰণ কৰিছে। পঞ্জাবৰ পাকিস্তান সীমান্ত অঞ্চলত শেহতীয়াকৈ মাজে মাজে ড্ৰন দেখা পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ কাশ্মীৰ উপত্যকাতো বৃদ্ধি পাইছে ড্ৰোনৰ উপদ্ৰৱ। এনে পৰিস্থিতিত এই যন্ত্ৰই ড্ৰনৰ উপদ্ৰৱ বন্ধ কৰাত সেনাবাহিনীক বহুখিনি সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।

ভাৰতীয় সেনাই সীমান্তৱৰ্তী লাডাখ, জম্মু-কাশ্মীৰ, আৰু উত্তৰ-পূৰ্বাঞ্চলত ত্ৰুটিহীন নিৰাপত্তা সুনিশ্চিত কৰাৰ চেষ্টা চলাইছে। আধুনিক প্ৰযুক্তিৰ যুগত সেনাবাহিনীৰ অস্ত্ৰ-শস্ত্ৰত বহুস্তৰীয় ব্যৱস্থাৰ প্ৰয়োজন। ৰাডাৰ, ইলেক্ট্ৰ-অপ্টিকেল চেন্সৰ, ৰেডিঅ তৰংগ ধৰা পেলোৱা ব্যৱস্থা, আৰু জামিং প্ৰযুক্তিএই সকলোবোৰ ড্ৰন আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজন। সেনাই বিচৰা অত্যাধুনিক ড্ৰন ধৰা পেলোৱা ব্যৱস্থাৰ জৰিয়তে লুকাই থকা ড্ৰনসমূহ সহজে চিনাক্ত কৰিব পৰা যাব।

সেনাবাহিনীৰ বায়ু প্ৰতিৰক্ষা বাহিনীৰ (এএডি) সঞ্চালক চুমেৰ ইভান ডিকুনহাৰ মতে, তেওঁলোকে কম উচ্চতাত উৰি যোৱা ড্ৰন চিনাক্তকৰণত গুৰুত্ব দিবলৈ ওলাইছে। উপৰিও ই অতি নিম্নভাৱে উৰি থকা সৰু সৰু ড্ৰনবোৰ চিনাক্ত কৰিবলৈ সক্ষম।

যোৱা মাহত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কাশ্মীৰ উপত্যকা আৰু নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলটোৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰিছিল। সেই সময়ত তেওঁ কয় যে সীমান্ত অঞ্চলত ড্ৰন ব্যৱহাৰ কৰি মজুতকৰণৰ বাবে অস্ত্ৰ সৰবৰাহ কৰাৰ বহু চেষ্টা কৰা হৈছে। মাজে মাজে ড্ৰনৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা কৰা হয়। তেওঁ বিশেষভাৱে উত্তৰ কাশ্মীৰ আৰু ডোডা-কিষ্টৱাৰ অঞ্চলৰ পৰিস্থিতিৰ কথা উল্লেখ কৰে।

Related News