ভাৰতীয় সৈন্য বাহিনী আৰু চীনৰ পিপ’ল লিবাৰেশ্যন আৰ্মিয়ে বুধবাৰে নাথুলা, বুম লা আৰু কিবিথুত যুটীয়াভাৱে চাইনীজ ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰে।
‘‘দুয়োখন চুবুৰীয়া দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ দ্বাৰা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়,’’ প্ৰতিৰক্ষা বিভাগৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল পি খোংচাই কয়।
ৰাষ্ট্ৰীয় সংগীত পৰিবেশৰ পাছতে দুয়োখন দেশৰ সেনাবাহিনীৰ সন্মানীয় সেনা বিষয়া সকলে আদৰণি ভাষণ প্ৰদান কৰে।
আনহাতে, চীনৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত দুয়োখন দেশৰ সেনা বাহিনীৰ জোৱান সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰাৰ লগতে স্মাৰকৰ আদান-প্ৰদান কৰে।
সীমান্ত অঞ্চলত দুয়োখন দেশৰ মাজত ভাল সম্পৰ্ক, শান্তি-সম্প্ৰিতি বজাই ৰখাৰ উদ্দেশ্য আগত ৰাখিয়ে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা হয় বুলি খোংচাই জানিবলৈ দিয়ে।
দুয়োখন দেশৰ প্ৰতিনিধিসকলে এক ঘৰুৱা আৰু বন্ধুত্বসুলভ পৰিবেশত মত বিনিময় কৰে।
মত বিনিময়ৰ সময়ত বন্ধুত্বমূলক দৃষ্টিভংগীৰে সীমান্ত সমস্যা সমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।