মালদ্বীপৰ পৰা প্ৰত্যাহাৰ কৰিব লাগিব ভাৰতীয় সেনা, সময়সীমা বান্ধি দিলে ৰাষ্ট্ৰপতি মহম্মফ মুইজ্জোৱে

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জোৱে আকৌ এবাৰ মাত মাতিছে ভাৰতৰ বিৰুদ্ধে । তেওঁ মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰৰ দাবী জনাইছে। 

ৰাষ্ট্ৰপতি মুইজ্জোৱে সোমবাৰে মালদ্বীপৰ সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ আগতে এই বিষয়ে আলোচনা কৰিছিল। 

মুইজ্জোৱে কয় যে, “আমি মালদ্বীপৰ সাৰ্বভৌমত্বত আন কোনো দেশৰ হস্তক্ষেপ গ্ৰহণ নকৰোঁ। আমি কেইবাখনো দেশৰ সৈতে কূটনৈতিক আলোচনা কৰিছো। মই ভাৰতক ১০ মাৰ্চৰ ভিতৰত মালদ্বীপৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছো।’’

মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা মহম্মদ মুইজজুৱে ‘মালদ্বীপত ভাৰতৰ প্ৰভাৱ’ হ্ৰাস কৰিবলৈ কেইবাটাও সিদ্ধান্ত লৈছিল। ইয়াৰ পূৰ্বে, তেওঁ আনুষ্ঠানিকভাৱে ভাৰতক ১৫ মাৰ্চৰ ভিতৰত ইয়াৰ সামৰিক কৰ্মীসকলক প্ৰত্যাহাৰ কৰিবলৈ অৱগত কৰিছিল। 

মালদ্বীপত বৰ্তমান ৮৮ জন ভাৰতীয় সৈনিক আছে। আনহাতে, মালদ্বীপ চৰকাৰে চীনা গুপ্তচৰ জাহাজসমূহক মালদ্বীপৰ উপকূলত চলাচল কৰিবলৈ অনুমতি দিছিল।