এন আৰ চিত ‘ভাৰতীয় বাঙালী’ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱা কাৰ্য কোনোপধ্যে সহ্য কৰা নহ’ব : বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

IMG_20180821_163326

‘একাংশ বিষয়া-কৰ্মচাৰীৰ হেমাহি আৰু ভুলৰ বাবে বাক্সা জিলাৰ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত যথেষ্ট পৰিমাণে বিসংগতিয়ে দেখা দিছে। যাৰ ফল ভোগ কৰিব লগা হৈছে বহু প্ৰকৃত ভাৰতীয় নাগৰিকে’। মঙলবাৰে তামুলপুৰ প্ৰেছ ক্লাবত যৌথভাৱে এখন সংবাদ মেল সম্বোধন কৰি অতি ক্ষোভেৰে এই কথা প্ৰকাশ কৰে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্বই।

বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি অধীৰ আৰ্য্যই সংবাদ মেলখন সম্বোধি কয় যে বাক্সা জিলাৰ বাঙালী জনগোষ্ঠীৰ লোক সকলৰ উপযুক্ত আৰু বৈধ নথি-পত্ৰ থকাৰ পিছতো এন আৰ চিৰ দ্বিতীয় খচৰাত বহু বাঙালী লোকৰ নাম বাদ পৰিছে। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব।

সংবাদ মেলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি নিখিল দে’ই কয় যে ১৯৬৪ চনৰ মাটিৰ দলিল দাখিল কৰাৰ পিছতো এন আৰ চি কৰ্তৃপক্ষই সেইসকল লোকক অবৈধ ঘোষণা কৰিছে। একেদৰে মাধ্যমিক শিক্ষা পৰিষদ, অসম,ৰ  পৰা পোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ বা প্ৰৱেশ পত্ৰকো এন আৰ চি কৰ্তৃপক্ষই অবৈধ ঘোষণা কৰা বহু ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোকৰ নাম এন আৰ চিত নোসোমোৱাত এই লোক সকল বিপাঙত পৰিবলগীয়া হৈছে।

নিখিল দে’ই অভিযোগ কৰি কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ বৈধ নথি-পত্ৰ দাখিল কৰাৰ পিছতো এন আৰ চিৰ দ্বিতীয় খচৰাত নাম অন্তৰ্ভুক্ত নকৰি এন আৰ চি কৰ্তৃপক্ষই অসম চুক্তিক অৱমাননা কৰিছে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অসম চুক্তিক সন্মান কৰি অহা বুলি উল্লেখ কৰি অসম চুক্তিৰ আধাৰত সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে।

প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন.আৰ.চি.ত অন্তৰ্ভুক্ত নহলে অসমত উদ্ভৱ হব পৰা যিকোনো অশান্তিকৰ পৰিস্থিতিৰ বাবে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই  দায়ী হব বুলি নিখিল দে’ই সংবাদ মেল যোগে সকীয়াই দিয়ে।

সংবাদ মেলখনত উপস্থিত থাকি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি সুশীল দাসে কয় যে এন আৰ চিত দেখা দিয়া বিসংগতিয়ে বাঙালী লোক সকলৰ মাজত হতাশাগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ বাক্সা জিলাতেই অধিক সংখ্যক বাঙালী লোকৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰাত বাদ পৰিছে। অথচ সেই সকল বাঙালী লোকে বৈধ নথি-পত্ৰ জমা দিছে। সেয়েহে প্ৰকৃত ভাৰতীয় বাঙালী সম্প্ৰদায়ৰ লোক সকলৰ বৈধ নথি-পত্ৰৰ ভিত্তিত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে সুশীল দাসে।

মঙলবাৰৰ সংবাদ মেলত বাক্সা জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি হৰেন দাস, সম্পাদক পৰিমাল শীল, সদৌ বিটিচি ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি পল্টন সৰকাৰ আদিকে বাক্সা জিলাৰ সকলো আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে দুই শতাধিক ছাত্ৰ নেতা-কৰ্মী উপস্থিত থাকে।