• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ষাপাৰাত ভিলেইন নিয়ৰ! ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰৰ মতে ইয়াত ২২২ ৰানো যথেষ্ট নহয়; বলাৰক সুৰক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 11:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমতে গুৱাহাটীৰ নিয়ৰ, দ্বিতীয়তে গ্লেন মেক্সৱেল, সূৰ্য্যকুমাৰ যাদৱে শৃংখলাৰ তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ আঁৰৰ কাৰণ হিচাপে এই ২টা কাৰক উল্লেখ কৰে। যদিও এই মেচখনত ভাৰতে ২২২ ৰানৰ বিশাল স্কোৰ সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতো পৰাস্ত হোৱাত অধিনায়কগৰাকীক অলপ হতাশ হোৱা যেন লাগিছিল যদিও তাৰ বাবে বলাৰসকলক দোষাৰোপ কৰিবলৈ ইচ্ছুক নহয় সূৰ্য্যকুমাৰ।

খেলখনৰ শেষত টীম ইণ্ডিয়াৰ অধিনায়কে কয়, ‘আমি মেক্সৱেলক অতি সোনকালে আউট কৰিব বিচাৰিছিলো। পৰিকল্পনা আছিল আগতীয়াকৈ তেওঁৰ উইকেট লোৱা। কিন্তু এই নিয়ৰত ২২২ ৰানেৰে খেলখন জয় কৰিবলৈ হ’লে বলাৰসকলৰ হাতত কিবা এটা তুলি দিব লাগিব।‘

সূৰ্য্যই লগতে কয়, ‘এনে নিয়ৰত খেলিব লাগিলে আৰম্ভণিতে উইকেট ল’ব লাগিব। হাতত উইকেট থকা মানে আপুনি মেচখনত আছে। সমগ্ৰ সময়ছোৱাত অষ্ট্ৰেলিয়া যুঁজত আছিল। ড্ৰিংকছ বিৰতিৰ সময়ত মই সতীৰ্থসকলক ক’লোঁ যে আমি মেক্সৱেলৰ উইকেটটো ল’বই লাগিব৷ যদিও সেয়া সম্ভৱ নহ’ল।

শেষ ২ অভাৰত জয়ী হ’বলৈ অষ্ট্ৰেলিয়াক ৪৩ ৰানৰ প্ৰয়োজন হৈছিল। নিয়ৰে যিমানেই অসুবিধাৰ সৃষ্টি নকৰক কিয়, এনে অৱস্থাৰ পৰা যিকোনো বেটিং কৰা দলৰ বাবে মেচ জয় কৰাটো কঠিন। কিন্তু অষ্ট্ৰেলিয়াই অক্ষৰ পেটেলৰ ১৯তম অভাৰত ২২ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণৰ ২০ তম অভাৰত ২৩ ৰান সংগ্ৰহ কৰি জয়লাভ কৰে।

১৯ তম অভাৰত অক্ষৰ পেটেলক বলিং কৰিবলৈ মাতি অনাৰ কাৰণো সদৰী কৰে সূৰ্যকুমাৰে। তেওঁ কয়, ‘মই অক্ষৰক ১৯ তম অভাৰত বলিং কৰিবলৈ পঠিয়াইছিলো কাৰণ তেওঁ ইয়াৰ পূৰ্বে ১৯-২০ অভাৰত বলিং কৰিছে। তেওঁ অভিজ্ঞ। মই ভাবো শেষত অভিজ্ঞ বলাৰৰ প্ৰয়োজন। যদি তেওঁ স্পিনাৰো হয় তেন্তে কোনো সমস্যা নাই। নিয়ৰ বেছি হ’লেও তাত সম্ভাৱনা থাকে।‘

যদিও খেলখনত ভাৰত পৰাস্ত হয়, তথাপিও অধিনায়ক সূৰ্যকুমাৰে ৰুতুৰাজ গাইকোৱাডৰ বিস্ফোৰক শতকক প্ৰশংসা কৰিবলৈ নাপাহৰিলে। তেওঁ কয়, ‘ৰুতুৰাজে এটা আচৰিত ইনিংছ খেলিলে। মই ওলাই অহাৰ পিছত তেওঁ ইনিংছ টানি লৈ গ’ল। মই আগতেই কৈছো যে ফ্ৰেঞ্চাইজি ক্ৰিকেটতো তেওঁ এজন বিশেষ খেলুৱৈ। তেওঁ যিদৰে বেটিং কৰিলে সেয়াই দেখুৱাই দিলে যে তেওঁ কিমান বিশেষ।‘

উল্লেখ্য যে বৰ্ষাপাৰাত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত ২২২ ৰান সংগ্ৰহ কৰিছিল। ৰুতুৰাজ গাইকোৱাডে ১৩টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৫৭টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ নামি একেবাৰে শেষৰ বলটোত মেচখন জয়ী হয়। দলটোৱে ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২২৫ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। গ্লেন মেক্সৱেলে ৮টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৪৮টা বলত ১০৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd