NORTHEAST NOW (Assamese)

আমেৰিকাত ৰহস্যজনক মৃত্যু ভাৰতীয় দম্পতীৰ : লিভিং ৰূমত উদ্ধাৰ ৰক্তাক্ত দুয়োৰে মৃতদেহ

April 10, 2021 2:13 pm · এন ই নাও নিউজ

আমেৰিকাৰ নিউ জাৰ্ছিত ৰহস্যজনকভাৱে মৃত্যু হৈছে এহাল ভাৰতীয় দম্পতীৰ।

দম্পতীহালৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃত দম্পতীহাল পেচাত তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠানৰ কৰ্মী বালাজী ভাৰত ৰুদ্ৰেশ্বৰ আৰু তেওঁৰ পত্নী আৰতি বুলি চিনাক্ত কৰা হৈছে।

দম্পতীহালৰ নিথৰ দেহত প্ৰত্যক্ষ কৰা চুৰীৰ একাধিক আঘাতলৈ লক্ষ্য কৰি কোনো লোকে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে দম্পতীহালৰ চাৰি বছৰীয়া শিশু কন্যাটি বাৰান্দাত কান্দিত থকা দেখি প্ৰতিৱেশীয়ে খবৰ লোৱাৰ পিছতহে দম্পতীহালৰ মৃত্যুৰ খবৰটো পোহৰলৈ আহে।

প্ৰতিৱেশীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

ইফালে ভাৰতৰ পিতৃয়ে সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি স্থানীয় আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ পুত্ৰ আৰু বোৱাৰী মৃত্যু খবৰটো দিয়া বুলি প্ৰকাশ কৰিছে।

আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে তেওঁলোকৰ মৃত্যু কাৰণ জানিব পৰা হ’ব বুলি জনাইছে বুলিও প্ৰকাশ কৰিছে মৃত ভাৰতৰ পিতৃয়ে।

Related News