ৰাছিয়াৰ পৰা ৩৩ খন নতুন যুদ্ধ বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সন্মতি

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৃহস্পতিবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ৰাছিয়াৰ পৰা নতুনকৈ ৩৩ খন যুদ্ধ বিমান ক্ৰয় কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।

ভাৰতে ৰাছিয়াৰ পৰা ১২ খন ছুখয়-৩০ এম কে আই আৰু ২১ খন মিগ-২৯এছ যুদ্ধ বিমান ক্ৰয় কৰিব।

ইয়াৰ উপৰিও ভাৰতৰ হাতত বৰ্তমান থকা ৫৯ খন মিগ-২৯ যুদ্ধ বিমানৰ আধুনিকীকৰণ কৰা হ’ব।

এই প্ৰকল্পৰ বাবে মুঠ ১৮,১৪৮ কোটি টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ২৪৮ টা এষ্ট্ৰা বিয়ণ্ড ভিছুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল বায়ু সেনা বাহিনী আৰু নৌ সেনা বাহিনীৰ বাবে ক্ৰয় কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে।

আনহাতে, ডি আৰ ডি অ’ই নিৰ্মাণ কৰিবলগীয়া ১,০০০ কিলোমিটাৰ দূৰত্বলৈ ভূমিত আক্ৰমণ কৰিব পৰা মিছাইল নিৰ্মাণতো প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সন্মতি প্ৰকাশ কৰে।

তদুপৰি, চীনৰ সৈতে সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে ফ্ৰান্সে জুলাই মাহৰ ভিতৰতে ছয়খন সম্পুৰ্ণ সজ্জিত ৰাফেল যুদ্ধ বিমান ভাৰতৰ হাতত অৰ্পন কৰিব।

ফ্ৰান্সৰ পৰা আহিবলগীয়া ৰাফেল যুদ্ধ বিমান আৰু ৰাছিয়াৰ পৰা নতুনকৈ আহিবলগীয়া ছুখয় আৰু মিগ যুদ্ধ বিমানে ভাৰতীয় বায়ু সেনা বাহিনীৰ শক্তি যথেষ্টখিনি বৃদ্ধি কৰিব।