NORTHEAST NOW (Assamese)

ICU ৰ পৰা খেলপথাৰত অৰ্ধশতকীয় ইনিংছলৈ! ৰিজৱানৰ সুস্থতাৰ নেপথ্যত ভাৰতীয় চিকিৎসক

November 13, 2021 9:02 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰিকেট বিশ্বই এবাৰ অনিল কুম্বলেক ভঙা কঁকালেৰেই খেলপথাৰত ক্ৰিকেট খেলি থকা দেখিছিল। শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীয়ে পিঠিৰ অসহনীয় বিষৰ পিছতো বেটিং কৰা প্ৰত্যক্ষ কৰিছিল। গ্ৰেম স্মিথে ভঙা আঙুলিৰে ক্ৰীজত অসাধাৰণ বেটিং কৰা দেখিবলৈ পাইছিল। এইবাৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ক্ৰিকেট অনুৰাগীয়ে পুনৰ দেখিবলৈ পালে তেনে এক কাৰ্য।

চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত পাকিস্তানৰ উইকেট ৰক্ষক তথা অপেনিং বেটাৰ মহম্মদ ৰিজৱানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে সকলোকে আকৰ্ষিত কৰে। বহুতে হয়তু নাজানে যে খেলপথাৰত নমাৰ দুদিন পূৰ্বে তেওঁ চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল। সেয়েহে ছেমিফাইনেলত দলত নথকাৰ সম্ভাৱনাই আছিল মহম্মদ ৰিজৱান।

কিন্তু তাৰ পিছতো ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ৰিজৱানে যি দমনীয় প্ৰদৰ্শন আগবঢ়ালে, বিশ্বকাপৰ পৰা বাহিৰ হোৱা স্বত্বেও তেওঁ সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ পৰা প্ৰশংসা লাভ কৰিছে।

ৰিজৱানৰ চিকিৎসকেও ৰিজৱানক ইমান কম সময়ৰ ভিতৰত ফিট হোৱা দেখি যথেষ্ট আচৰিত হৈছে। ৰিজৱান ডুবাইৰ এখন চিকিৎসালয়ত ভাৰতীয় মূলৰ বিশেষজ্ঞ চিকিৎসক শ্বাহিৰ চাইনালাবদিনৰ তত্বাৱধানত আছিল।ICU ত শয্যাশায়ী অৱস্থাতেই পাকিস্তানৰ তাৰকা খেলুৱৈ গৰাকীয়ে মন্তব্য কৰিছিল যে তেওঁ খেলিব বিচাৰে। এই সময়ত তেওঁ দলৰ সৈতে থাকিব বিচাৰে।

তেওঁৰ অসম্ভৱ মনৰ শক্তিয়ে চিকিৎসক গৰাকীক আচৰিত কৰি তুলিছিল। শ্বহীৰৰ ভাষাত, “ৰিজৱান ছেমিফাইনেলৰ দৰে এখন গুৰুত্বপূৰ্ণ মেচত খেলিবলৈ ব্যাকুল হৈ পৰিছিল। মানসিকভাৱে তেওঁ বহুত শক্তিশালী আৰু আত্মবিশ্বাসী। তেওঁ ইমান সোনকালে আৰোগ্য হোৱাটো আচৰিত।”

জ্বৰ, ঠাণ্ডা আৰু বুকুৰ বিষৰ বাবে ৰিজৱানক তিনিৰ পৰা চাৰি দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা দলটোৱে লগে লগে তেওঁৰ চিকিৎসা আৰম্ভ কৰিছিল। নিৰন্তৰ পৰ্যৱেক্ষণত ৰাখিবলৈ তেওঁক ICU লৈ স্থানান্তৰিত কৰা হৈছিল।

অসহনীয় বিষত ভুগি থকা স্বত্বেও ৰিজৱানে শক্তিশালী মানসিকতাৰে ২২ গজৰ যুঁজ খনলৈ সোনকালে উভতি আহিবলৈ সক্ষম হৈছিল। পাকিস্তান খেলখনত পৰাস্ত হোৱা স্বত্বেও, দেশৰ বাবে ৰিজৱানৰ ত্যাগ নিঃসন্দেহে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।

Related News