অসমৰ ভয়াবহ বানপানী; তাৎক্ষণিক গুৰুত্ব আৰু সাহায্যৰ আহ্বান ভাৰতীয় ফুটবল দলৰ অধিনায়কৰ

সুনীল ছেত্ৰী

ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীয়ে অসমৰ বানপানী সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি অসমৰ জনসাধাৰণক সহায়ৰ বাবে আহ্বান জনাইছে।

শুকুৰবাৰে তাৰকা ফুটবলাৰ গৰাকীয়ে অসমৰ বানপানী সম্পৰ্কে মত প্ৰকাশ কৰি অসমে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাৎক্ষণিক গুৰুত্ব আৰু সাহায্য লাভ কৰিব লাগে বুলি কয়।

”বানপানীৰ বাবে অসমৰ বিভিন্ন জিলাত বহু জীৱনৰ ক্ষতি হৈছে আৰু বহু লোক নিজৰ স্থানৰ পৰা বিতাৰিত হ’বলগীয়া হৈছে সেয়েহে বানপানীত ক্ষতিগ্ৰস্ত অসমে তাৎক্ষণিক গুৰুত্ব আৰু সাহায্য লাভ কৰিব লাগে,” সুনীল ছেত্ৰীয়ে কয়।

আনহাতে, ছেত্ৰীয়ে অসমৰ বানপানীৰ ফলত মানুহ আৰু জীৱ জন্তুৰ জীৱনৰ হানি হোৱা বুলি উল্লেখ কৰি এই সংখ্যা যাতে বৃদ্ধি নহয় তাৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ পূৰ্বে ইংলিছ প্ৰিমীয়াৰ লীগৰ আগশাৰীৰ ফুটবল ক্লাব আৰ্ছেনাল এফ চিয়ে অসমৰ বান সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বানাক্ৰান্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।

জনপ্ৰিয় ফুটবল ক্লাবটোৱে ছ’চিয়েল মিডিয়া ফেইচবুক আৰু ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁলোক অসমবাসীৰ লগত আছে বুলি কয়।

৫ ছেকেণ্ডৰ ভিডিঅ’টোত “We are with you” বুলি ইংৰাজীত দিয়া বাৰ্তাটোৰ পিছতে লগে লগে ‍‘‍‘আমি আছো আপোনালোকৰ লগত’’ বুলি অসমীয়াত দিয়া দেখা পোৱা যায়।