কাজিৰঙাৰ সঞ্চালক হিচাপে ভাৰতীয় বন সেৱা বিষয়া পি শিৱ কুমাৰৰ যোগদান

ভাৰতীয় বন সেৱা বিষয়া পেৰিয়াস্বামী শিৱকুমাকৰে আজি মুখ্য বন সংৰক্ষকৰ পৰা পদোন্নতিৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে যোগদান কৰিছে।

মুখ্য বন সংৰক্ষক হিচাপে পি শিৱকুমাৰে পূৰ্বৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰ পৰা আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্পৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। যোগদান কৰিয়েই সঞ্চালক গৰাকীয়ে আজি কাজিৰঙাৰ সমূহ বিষয়া কৰ্মচাৰীয়ে মিলিত হয়। ইফালে কাজিৰঙাৰ বিদায়ী সঞ্চালক আকাশদীপ বৰুৱাই পদোন্নতিৰে নামনি অসমৰ মুখ্য বন সংৰক্ষক হিচাপে নিযুক্তি লাভ কৰিছে ৷

উল্লেখযোগ্য যে কাজিৰঙাত যোগদানৰ পূৰ্বে পেৰিয়াস্বামী শিৱকুমাৰে বন বিভাগৰ বনসংৰক্ষক হিচাপে তেজপুৰত কৰ্মৰত আছিল। শিৱকুমাৰে তামিলনাডুৰ মেত্তুপালায়াম ফৰেষ্ট কলেজ এণ্ড ৰিচাৰ্জ ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লৈ অসম আৰু মেঘালয় কেডাৰৰ হৈ ভাৰতীয় বন সেৱাৰ বাবে নিৰ্বাচিত হৈছিল।