ভাৰত মহাসাগৰত ডুবা চীনৰ জাহাজত আছিল ৩৯ জন লোক; সহায়ৰ বাবে ভাৰতে পঠিয়ালে যুদ্ধবিমান

দুদিন পূৰ্বে ভাৰত মহাসাগৰত ডুব গৈছিল চীনৰ এখন মাছ ধৰা জাহাজ। এই জাহাজখনত প্ৰায় ৩৯ জন লোক আছিল। ডুব যোৱাৰ পিছত চীনে ভাৰতকে ধৰি আন বহু দেশৰ পৰা সহায় বিচাৰিছিল।

চীনৰ অনুৰোধত ভাৰতে উদাৰতাৰ পৰিচয় দি জাহাজখন আৰু তাত থকা ৩৯ জন লোকক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এই অভিযানৰ বাবে ভাৰতে নিজৰ P8I যুদ্ধবিমান (এয়াৰক্ৰাফ্ট) প্ৰেৰণ কৰিছে। এই চীনৰ জাহাজ লু পেং ইউয়ান ইউ ০২৮ (Lu Peng Yuan Yu 028) মঙলবাৰে ভাৰত মহাসাগৰৰ মাজত ডুবি যায়। জাহাজখনত থকা ৩৯ জন লোকৰ ভিতৰত ১৭ জন চীনা, ১৭ জন ইণ্ডোনেছিয়ান আৰু ৫ জন ফিলিপাইনছৰ নাগৰিক।

লগতে পঢ়ক: বিতৰ্কিত কিৰেন ৰিজিজুৰ বৰ্ণাঢ্য কেৰিয়াৰ! কিয় তেওঁ হেৰুৱাবলগীয়া হ’ল আইন মন্ত্ৰালয়?

ভাৰতীয় নৌসেনাই জনোৱা মতে, চীনৰ অনুৰোধত ১৭ মে’ত ভাৰতৰ পৰা প্ৰায় ৯০০ সামুদ্ৰিক মাইল দূৰত থকা ভাৰত মহাসাগৰত ভাৰতে P8I যুদ্ধবিমান নিয়োগ কৰিছে। উদ্ধাৰ অভিযানৰ সময়ত জাহাজখনৰ সৈতে জড়িত বহু বিষয়ৰ কথা পৰে।

চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে চীনৰ জাহাজখনৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি চীনৰ জাহাজখন ডুব যোৱাৰ পিছত চলি থকা উদ্ধাৰ অভিযানত দুজন নিহত লোকৰ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে। কিন্তু মৃতদেহ দুটা চীন, ইণ্ডোনেছিয়া নে ফিলিপাইনছৰ নাগৰিক সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য দিয়া হোৱা নাই।