আমেৰিকাত পুনৰ মৃত অৱস্থাত উদ্ধাৰ ভাৰতীয়মূলৰ ছাত্ৰঃ অব্যাহত চাঞ্চল্য

Indian-Origin Student Found Dead In US

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ মৃত অৱস্থাত উদ্ধাৰ হৈছে এজন ভাৰতীয় বংশোদ্ভূত ছাত্ৰ। ইণ্ডিয়ানাৰ পাৰ্ডু বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা সমীৰ কামাথ নামৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে।

সোমবাৰে সন্ধিয়া এক প্ৰাকৃতিক সংৰক্ষিত স্থানত মৃত অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে। এক বিবৃতি যোগে ৱাৰেন কাউণ্টি কৰোনাৰৰ কাৰ্যালয়ে এই বিষয়ে সদৰী কৰে।

বিবৃতিটোত উল্লেখ কৰা মতে, ২৩ বৰ্ষীয় কামাথে বিগত বৰ্ষৰ আগষ্টত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিছিল।

ছাত্ৰজনৰ মৃতদেহৰ ফৰেনচিক মৰণোত্তৰ পৰীক্ষা কৰা হ’ব আৰু শীঘ্ৰেই প্ৰতিবেদন প্ৰকাশ কৰা হ’ব বুলি বিবৃতিটোত সদৰী কৰা হৈছে। লক্ষণীয়ভাৱে, আমেৰিকাত চলিত বৰ্ষত নিহত পঞ্চম্জন ভাৰতীয় মূলৰ ছাত্ৰ কামাথ।

ইতিপূৰ্বে, যোৱা বৃ্হস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত ১৯ বৰ্ষীয় শ্ৰেয়ছ ৰেড্ডী বেনিগাৰ নামৰ এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। অহাইঅ’ৰ লিণ্ডাৰ স্কুল অৱ বিজনেছৰ ছাত্ৰ আছিল বেনিগাৰ।

যোৱা মাহত বিবেক ছাইনী নামৰ এজন ভাৰতীয় ছাত্ৰক এটা মলত এজন গৃহহীন লোকে হাতুৰীৰে কোবাই হত্যা কৰিছিল। শেহতীয়াকৈ ছাইনীয়ে আমেৰিকাত এম বি এ সম্পূৰ্ণ কৰিছিল।

তাৰ পূৰ্বে ইণ্ডিয়ানা প্ৰদেশৰ পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ নীল আচাৰ্যকো বিগত এসপ্তাহত আমেৰিকাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।