মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুৰ্নীতি ৰোধৰ বাবে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আইচিচিয়ে। ক্ৰিকেটৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থাই ভাৰতীয় মূলৰ আমেৰিকাৰ ক্ৰিকেটাৰ বডুগাম অখিলেশ ৰেডীক ৮ বছৰৰ বাবে সকলো ধৰণৰ ক্ৰিকেট খেলত নিষেধাজ্ঞা আৰোপ কৰিছে। মেচ ফিক্সিং কৰিবলৈ চেষ্টা কৰা, সতীৰ্থক দুৰ্নীতিত লিপ্ত হ’বলৈ উচটনি দিয়া আৰু তদন্তত বাধা দিয়াৰ বাবে আইচিচিয়ে তেওঁক এই শাস্তি প্ৰদান কৰিছে।
এক স্বতন্ত্ৰ ন্যায়াধিকৰণে অখিলেশক দোষী সাব্যস্ত কৰাৰ পিছত এই শাস্তি ঘোষণা কৰা হৈছে। এই নিষেধাজ্ঞা ২০২৫ চনৰ ২১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱা বুলি গণ্য কৰা হৈছে। কাৰণ, যোৱা বছৰৰ সেইদিনটোত অখিলেশক সাময়িকভাৱে নিলম্বন কৰা হৈছিল।
২৬ বছৰীয়া অখিলেশ ৰেড্ডীয়ে আমেৰিকাৰ হৈ চাৰিখন টি-২০ মেচ খেলিছিল। ২০২৫ চনৰ আবুধাবি টি-১০ প্ৰতিযোগিতাত দুৰ্নীতিৰ অভিযোগত এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ দুৰ্নীতি বিৰোধী সংহিতাৰ তিনিটা ধাৰাত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল।
তদন্তত দেখা গৈছে যে তেওঁ মেচখনৰ ফলাফলত অবৈধভাৱে প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ আন এজন ক্ৰিকেটাৰক দুৰ্নীতিৰ সৈতে জড়িত কৰাৰ চেষ্টা কৰিছিল আৰু তদন্তৰ সময়ত মোবাইলৰ পৰা গুৰুত্বপূৰ্ণ তথ্য ডিলিট কৰি প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰিছিল।
মেচখন ফিক্স কৰিবলৈ চেষ্টা কৰা আৰু সতীৰ্থক দুৰ্নীতিৰ সৈতে জড়িত কৰাৰ চেষ্টা কৰা অখিলেশক ৭ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদন্তত বাধা দিয়াৰ বাবে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহা হৈছে। মুঠতে ৮ বছৰৰ বাবে ক্ৰিকেট খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আমেৰিকান ক্ৰিকেটাৰগৰাকীক।
এই কাণ্ডটো ২০২৫ চনৰ ১৯ নৱেম্বৰৰ এটা ঘটনাৰ ওপৰত কেন্দ্ৰিত। ট্ৰিবিউনেলৰ নথি অনুসৰি ৰেড্ডীয়ে আবুধাবি টি-১০ত মেচৰ পূৰ্বে এছপিন ষ্টেলিয়নছ দলৰ এজন সতীৰ্থক নিজৰ হোটেলৰ কোঠালৈ মাতি আনিছিল। খেলুৱৈগৰাকীয়ে দাবী কৰে যে অখিলেশে তেওঁক কৈছিল যে তেওঁ ইচ্ছাকৃতভাৱে মেচত প্ৰতিপক্ষক ৰান দিলেহে দলত সুযোগ পাব। লগে লগে দলৰ সতীৰ্থগৰাকীয়ে এই প্ৰস্তাৱ নাকচ কৰে। হোটেলৰ কোঠাৰ পৰা ওলাই অহাৰ পিছত তেওঁ নিজৰ এজেণ্টক এই কথা কয়। এঘণ্টাৰ ভিতৰতে আই চি চিৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত সকলো ফাদিল হৈ পৰে।
তদন্তত অখিলেশে নিজৰ আৰু সতীৰ্থজনৰ মাজত হোৱাটছএপ চ্যাট আৰু কলৰ ৰেকৰ্ড ডিলিট কৰা বুলিও জানিব পৰা গৈছে। ৰেড্ডীয়ে দাবী কৰিছিল যে তেওঁ ফোন ক্লিনিঙৰ সময়ত অভ্যাসবশত সেইবোৰ ডিলিট কৰিছিল। কিন্তু ন্যায়াধিকৰণে সেই ব্যাখ্যা মানি লোৱা নাছিল। কাৰণ, ইতিমধ্যে তেওঁৰ হোৱাটছএপত ২৪ ঘণ্টাৰ পিছত মেছেজ স্বয়ংক্ৰিয়ভাৱে ডিলিট কৰাৰ অপছন অন হৈ আছিল। ন্যায়াধিকৰণৰ মতে, তদন্তত প্ৰমাণ ধ্বংস কৰাৰ উদ্দেশ্যেৰে তেওঁ সেই তথ্য সুকীয়াকৈ ডিলিট কৰি পেলাইছিল।