ডলাৰৰ তুলনাত পুনৰ কমিল ভাৰতীয় টকাৰ মূল্য, কিমান কমিল?

ভাৰতীয় টকাৰ মূল্য আৰু কমিল। শেহতীয়াকৈ প্ৰতি ডলাৰৰৰ তুলাত ভাৰতীয় টকাৰ মূল্য ৭৭.৭৫ হৈছেগৈ। এই হাৰত টকাৰ মূল্য হ্ৰাস হোৱাটো এতিয়ালৈকে সৰ্বকালৰ অভিলেখ।

বুধবাৰে প্ৰতি ডলাৰত টকাৰ মূল্য আছিল ৭৭ টকা ৭৫ পইচা।

কৰ’না মহামাৰীৰ পিছৰে পৰা সমগ্ৰ বিশ্বৰ দৰে ভাৰতীয় অৰ্থনীতিও এক বিপৰ্যয়ৰ সন্মুখীন হৈছে। যোৱা কেইমাহত, ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধৰ ফলত ইন্ধন তেলকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ফলস্বৰূপে, টকাৰ মূল্য হ্ৰাস হৈ আছে।

গ্ল’বেল অইল বেঞ্চমাৰ্ক ব্ৰেণ্ট ক্ৰুড ফিউচাৰ ১.৮৭ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১০৭.০৭ আমেৰিকান ডলাৰ হৈছে।

ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য প্ৰায় প্ৰতিদিনে হ্ৰাস পাই থকাৰ কথাই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে৷