Indian Rupee sinks below 81 against US Dollar ভাৰতীয় টকা পুনৰ অভিলেখ পতন ঘটিছে। শুকুৰবাৰে বজাৰ খোলাৰ লগে লগে একেবাৰতে টকাৰ মূল্য বহুখিনি হ্ৰাস পায়। এক আমেৰিকান ডলাৰৰ মূল্য হয়গৈ ৮১টকা ৯ পইচা। বৃহস্পতিবাৰৰ তুলনাত টকাৰ মূল্য একবাৰতে ২৫ পইচা হ্ৰাস পাইছে। টকাৰ মূল্য কিছু দিনৰ পৰাই আশীৰ ওচৰত ঘূৰি আছে। কিন্তু প্ৰথমবাৰৰ বাবে টকাৰ মূল্য ৮১ টকা অতিক্ৰম কৰিলে।
দৰাচলতে, বৃহস্পতিবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত টকাৰ মূল্য আছিল এক আমেৰিকান ডলাৰৰ বিপৰীতে ৮০ টকা ৮৬ পইচা।
লগতে পঢ়ক: সৰ্বোপৰি দেশ! ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত!
অৱশ্যে শুকুৰবাৰে টকাৰ মূল্য এনেদৰে পৰিব লগীয়াটো আগতীয়াকৈ আশা কৰা হৈছিল। বৃহস্পতিবাৰেই টকাৰ মূল্যৰ অভিলেখ পতন ঘটে। যদিও গোটেই দিনটোত আমেৰিকান ডলাৰৰ মূল্য প্ৰায় ৭৯ টকাৰ আশে পাশে আছিল, বিয়লিৰ ফালে আমেৰিকান ডলাৰৰ মূল্য হুৰহুৰাই বৃদ্ধি হয়।
পৰিসংখ্যা অনুসৰি, এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পিছত বজাৰ চলি থকাৰ সময়ত এনেদৰে টকাৰ মূল্য ইমান হ্ৰাস হোৱা নাছিল। গতিকে এইটো নিশ্চিতভাৱে জনা গৈছিল যে শুকুৰবাৰে টকাৰ পতন অব্যাহত থাকিব।
বৃহস্পতিবাৰে এছিয়াৰ মুদ্ৰাসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় টকা। বুধবাৰে আমেৰিকান ডলাৰত টকাৰ মূল্য ২২ পইচা হ্ৰাস হৈ ৭৯ টকা ৯৬ পইচা হয়। বৃহস্পতিবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত অভিলেখ গঢ়ি আমেৰিকান ডলাৰৰ মূল্য পুনৰ ৮০ টকা অতিক্ৰম কৰে। শুকুৰবাৰেও একেই ধাৰা অব্যাহত ৰাখি টকাৰ মূল্যৰ পতনে সৰ্বকালৰ অভিলেখলৈ গঢ়ে। প্ৰথমবাৰৰ বাবে আমেৰিকান ডলাৰৰ মূল্য ৮১ টকা অতিক্ৰম কৰিলে।
লগতে পঢ়ক: ২৩ ছেপ্টেম্বৰ: আজি পৃথিৱীৰ সকলো ঠাইতে দিন-ৰাতি সমান
আনহাতে, আমেৰিকান ডলাৰৰ মূল্য বৃদ্ধি পাইছে। তীব্ৰ বিৰোধিতা স্বত্বেও ফেডাৰেল বেঙ্কে সেই দেশত ঋণৰ সূতৰ হাৰ বৃদ্ধি কৰি আছে। সামগ্ৰিকভাৱে আমেৰিকা বিশ্ব বজাৰত লাভান্বিত হৈছে। প্ৰতিবাৰৰ দৰেই ভাৰতীয় টকাৰ মূল্য পতনৰ ফলত ৰিজাৰ্ভ বেংকৰ পিনেই প্ৰশ্ন উঠিছে। ৰেপো ৰেট বৃদ্ধি হোৱাৰ পিছতো ভাৰতীয় টকাৰ স্খলনৰ উন্নত হোৱা নাই। বিশেষজ্ঞসকলৰ মতে অহা কেইদিনমানত টকাৰ মূল্য আৰু হ্ৰাস পাব।