ল’কডাউনৰ সময়ত ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ গুৰুত্বপূৰ্ণ সেৱা অব্যাহত ৰখাত ৰাইজ কৃতজ্ঞ

সমগ্ৰ বিশ্বৰ লগতে  ভাৰতবৰ্ষত চলি থকা ক’ৰ’না ভাইৰাছৰ আতংকৰ সময়চোৱাত দেশজুৰি হোৱা লগ ডাউনৰ ফলত অতি বহুল সমস্যাৰ মাজতো জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰী সকলে দায়িত্ব আৰু কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰি আহিছে ।

স্বাস্থ্য কৰ্মী, চিকিৎসক, অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী, বিদ্যুৎ বিভাগ, যোগান বিভাগ, ডাক বিভাগ, প্ৰশাসনিক আদি বিভাগীয় কৰ্মচাৰী সকলৰ উপৰি যোৰহাট জিলাৰ টীয়কস্থিত বিত্তীয় প্ৰতিষ্ঠান সমূহৰ বেংক কৰ্মচাৰী সকলে এক স্পৰ্শকাতৰ সেৱা আগবঢ়াই আছে ।

ৰাইজৰ মৌলিক প্ৰয়োজনীয় আৰ্থিক ব্যৱস্থটোত যতি নপৰাকৈ ইয়াত থকা ভাৰতীয় ষ্টেট বেংক টীয়ক শাখাই মহাপ্ৰৱন্ধক গৌতম হাজৰাৰ তৎপৰতাত শাখাটোৰ জৰিয়তে বিত্তীয় লেনা-দেনা অব্যাহত ৰাখিছে ।

প্ৰৱন্ধক জনৰ পৰা জানিব পৰা মতে, লকডাউনৰ সময়চোৱাত ৰাজহুৱা পৰিবহন ব্যৱস্থাটো ব্যাহত হৈ থকাৰ বাবে দূৰত থকা কৰ্মচাৰী সকল বহু অসুবিধাৰ সন্মুখীন হৈছে যদিও তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰৱল আগ্ৰহৰ বাবেই কৰ্তব্যত কোনো দিন অৱহেলা কৰা নাই ।

বেংক কৰ্তৃপক্ষই উপভোক্তা সকলৰ বাবে প্ৰৱেশদ্বাৰত হাত ধোৱাৰ ব্যৱস্থা কৰাৰ লগতে বেংক কক্ষত যাতে জনসমাগম নঘটে তাৰ বাবে বেংকৰ ভিতৰত এবাৰত পাঁচগৰাকী উপভোক্তাকহে প্ৰৱেশৰ অনুমতি দিছে।

আনহাতে, টকাৰ নোটৰ জৰিয়তে যিকোনো বীজাণুৰ সহজে সংক্ৰমণ ঘটিব পৰা দিশৰ প্ৰতিও আওকাণ কৰি  জনতাৰ বাবে অবিৰত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীৰ প্ৰতি বেংক পৰিচালক গৰাকীৰ লগতে স্থানীয় টীয়কৰ ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, ৩ এপ্ৰিলত অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।