আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ নিশ্চিত হোৱা নাই মৃত্যুৰ কাৰণ

Indian student found dead in US

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনচিনাটিত উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। যুৱকগৰাকীৰ পৰিচয় আৰু মৃত্যুৰ কাৰণ এতিয়াও বিশদভাৱে জানিব পৰা হোৱা নাই।

যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে বিগত এসপ্তাহৰ ভিতৰত আমেৰিকাত ভাৰতীয় ছাত্ৰৰ এয়া তৃতীয়টো মৃত্যুৰ ঘটনা।

যোৱা মাহত বিবেক ছাইনী নামৰ এজন ভাৰতীয় ছাত্ৰক এটা মলত এজন গৃহহীন লোকে হাতুৰীৰে কোবাই হত্যা কৰিছিল। শেহতীয়াকৈ ছাইনীয়ে আমেৰিকাত এম বি এ সম্পূৰ্ণ কৰিছিল।

তাৰ পূৰ্বে ইণ্ডিয়ানা প্ৰদেশৰ পাৰ্ডু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ভাৰতীয় ছাত্ৰ নীল আচাৰ্যকো বিগত এসপ্তাহত আমেৰিকাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

পাৰ্ডু বিশ্ববিদ্যালয়ৰ জন মাৰ্টিনছন অনাৰ্ছ কলেজৰ কম্পিউটাৰ বিজ্ঞান আৰু ডাটা বিজ্ঞানৰ ডাবল মেজৰ আচাৰ্য দেওবাৰে নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ পাইছিল। সোমবাৰে নিশ্চিত কৰা হৈছিল তেওঁৰ মৃত্যুৰ খবৰ।

আফাতে যোৱা বছৰৰ নৱেম্বৰ মাহত অহাইঅ’ত চিনচিনাটি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা আদিত্য আদলাখা নামৰ ভাৰতীয় ছাত্ৰ এজনক এখন গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল।