চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক : নেপালৰ প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদীৰ সৈতে নেপালৰ প্ৰধান মন্ত্ৰী কে পি ওলি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা ওলিয়ে দেশখনত হোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতক জগৰীয়া কৰে।

মঙলবাৰে প্রধান মন্ত্ৰী গৰাকীয়ে সংসদত দিয়া ভাষণত কয়, ‘চীন আৰু ইটালীৰ তুলনাত ভাৰতীয় ভাইৰাছ অধিক মাৰাত্মক যেন লাগিছে।‘

‘ভাৰতৰ পৰা বেআইনীভাৱে অহাসকলে দেশ (নেপাল)ত ভাইৰাছবিধ বিয়পাই আছে, উপযুক্ত টেষ্টিং অবিহনে ভাৰতৰ পৰা লোকসকলক আনি থকা কিছুমান স্থানীয় প্ৰতিনিধি আৰু দলৰ নেতাসকল ইয়াৰ বাবে দায়ী।‘ তেওঁ কয়।

‘বাহিৰৰ পৰা অব্যাহত থকা জনস্ৰোতৰ বাবে কোভিড-১৯ক নিয়ন্ত্ৰণত ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে’ বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘বেছিকৈ মানুহ সংক্ৰমিত হ’বলৈ ধৰিছে’।

একাংশৰ মতে নেপালৰ প্ৰধান মন্ত্ৰী গৰাকীৰ এনে মন্তব্যই ভাৰত চৰকাৰক অস্বস্তিত পেলোৱাৰ লগতে দেশ দুখনৰ মাজত থকা কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পেলাব।

অৱশ্যে এই পৰ্যন্ত ভাৰতৰ ফালৰ পৰা কে পি ওলিৰ মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

উল্লেথযোগ্য যে ভাৰত-নেপাল সীমান্তৰ বিবাদমান কালাপানী অঞ্চলক লৈ বিগত কিছু দিনৰ পৰা দেশ দুখনৰ মাজৰ সম্পৰ্কত অৱণতি ঘতা দেখা গৈছ।

অলপতে নেপাল কেবিনেটে ভাৰতৰ ভিতৰত পৰা লিম্পিয়াধুৰা, লাইপুলেখ আৰু কালাপানীক অন্তৰ্ভুক্ত কৰি তৈয়াৰ কৰা এখন নতুন ৰাজৈনিক মেপত অনুমোদন জনাইছিল।

মঙলবাৰে সংসদত দিয়া ভাষণত প্ৰধান মন্ত্ৰী কে পি ওলিয়ে ‘যিকোনো মূল্যৰ বিণিময়ত’ উক্ত অঞ্চলকেইটা নেপালে ‘উভাই ল’ব’ বুলি কয়।

যোৱা বৰ্ষৰ ৮ মে’ত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰাখণ্ডৰ লাইপুলেখ পাচ আৰু চীনৰ কৈলাশ মানস সৰোবৰ সংযোগী এটা নতুন পথ উদ্বোধন কৰাত নেপালে ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু অঞ্চলটোত এটা নিৰাপত্তা চকী স্থাপন কৰাৰ কথা বিবেচনা কৰিছিল।

ভাৰতৰ বৈদেশীক মন্ত্ৰ্যালয়ৰ মতে উত্তৰাখণ্ডৰ পিঠোৰাগড় জিলাৰ মাজেৰে যোৱা উক্ত পথটো সম্পূৰ্ণৰূপে ভাৰত ভূখণ্ডৰ ভিতৰত পৰে।