১৪ বছৰ পাকিস্তানৰ কোট লখপাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী ভাতৃ। প্ৰতি বছৰে কান্দোনেৰে ৰাখীবন্ধন পাৰ হৈ যায়। পেহেলগাম আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত কুৰিয়ৰ সেৱা বন্ধ কৰি দিয়া হয়। গতিকে ভাতৃৰ আগত নিজৰ অনুভৱবোৰ কঢ়িয়াই নিয়াৰ কোনো উপায় নাই। তথাপিও সংঘমিত্ৰ খোবৰাগড়ে এই বিশেষ দিনটোত ভাতৃৰ কথা ভাবি আৱেগিক চিঠি লিখে।
চিঠিখনত সংঘমিত্ৰই লিখিছে, ‘ভাই, ৰাখী বন্ধনৰ দিনা তোমাক বহুত স্মৰণ কৰিছোঁ। মই তোমাক ৰাখী পঠাব বিচাৰো, কিন্তু তুমি ভাৰতৰ পৰা বহু দূৰত। মই এই ৰাখীখন মৰমেৰে পঠাব বিচাৰো, আৰু চৰকাৰে লাহোৰৰ কোট লখপট কাৰাগাৰত পঠিয়াব লাগে, যাতে এগৰাকী ভগ্নীৰ ৰাখী পিন্ধাৰ ইচ্ছা পূৰণ হয়। মই এগৰাকী দুৰ্ভগীয়া ভগ্নী। মায়ে তোমাক বহুত মনত পেলাই, তোমাৰ বাবে অপেক্ষা কৰি আছে। তোমাৰ ভতিজা-ভতিজীয়েও তোমাক চাব বিচাৰে…।’
উল্লেখ্য যে, প্ৰসন্নজিত এসময়ত এজন মেধাৱী ফাৰ্মাচীৰ ছাত্ৰ আছিল। বহু বছৰৰ আগতে নিৰুদ্দেশ হৈছিল। পৰিয়ালটোৱে ভাবিছিল যে তেওঁ হয়তো জীয়াই নাথাকে। ২০২১ চনত কোট লখপট জেলত এজন প্ৰাক্তন ভাৰতীয় বন্দীয়ে কৈছিল যে প্ৰসন্নজিত জীয়াই আছে। চৰকাৰী তথ্য অনুসৰি ২০১৯ চনৰ অক্টোবৰ মাহত বাটাপুৰ অঞ্চলৰ পৰা পাকিস্তানে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।যদিও জেলত তেওঁৰ নাম বেলেগ ধৰণে পঞ্জীয়ন হৈছিল, পিছত তেওঁ নিজৰ প্ৰকৃত পৰিচয় আৰু পৰিয়ালটো প্ৰকাশ কৰিছিল।
প্ৰসন্নজিতৰ দেউতাকে বছৰ বছৰ ধৰি পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল। জীৱনৰ শেষ দিনটোলৈকে সেই আশা হৃদয়ত লৈ দিনবোৰ পাৰ কৰিলে। মাতৃগৰাকী মানসিকভাৱে অসুস্থ, আৰু এতিয়াও বিশ্বাস কৰে যে তেওঁৰ পুত্ৰ জবলপুৰত আছে। সংঘমিত্ৰ পেছাত দৈনিক মজুৰি শ্ৰমিক, সন্তান দুটাক ঘৰত এৰি কাৰ্যালয়ৰ পৰা কাৰ্যালয়লৈ গৈ ভাতৃৰ বাবে চৰকাৰী সাহায্য বিচাৰি ফুৰে। পৰিয়ালত উত্তেজনাৰ মাজতো তেওঁ আশা এৰি দিয়া নাই। তেওঁৰ মতে যদি চৰকাৰে ক্ষিপ্ৰ পদক্ষেপ লয় তেন্তে হয়তো এদিন ৰাখী বন্ধন সঁচাকৈয়ে তেওঁলোকৰ বাবে আনন্দৰ উৎসৱ হৈ পৰিব।