যুদ্ধ অনিবাৰ্য! পূব লাডাখত কিয় ভাৰত-চীনে মজুত কৰিছে বিশাল অস্ত্রভাণ্ডাৰ?

arny

ফটো সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছ

বিগত প্ৰায় ২৫ দিন ধৰি লাডাখত ভাৰত-চীন সেনাৰ মুখামুখিৰ ঘটনাই এখন অনিবাৰ্য যুদ্ধৰ সূচনাৰ কথাকেই ইংগিত কৰিছে নেকি?

ইয়াৰ মাজতে পূব লাডাখৰ সীমান্তৰ দুয়োপাৰে বিশাল যুদ্ধ সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ তথা যুদ্ধত ব্যৱহৃত গাড়ী মজুত কৰাৰ কাম আৰম্ভ কৰিছে দেশ দুখনৰ সেনাই।

সেনাৰ সূত্ৰৰ খৱৰ অনুসৰি, সীমান্তত শক্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।

দুয়োখন দেশৰ মাজত সামৰিক তথা কূটনৈতিক পৰ্যায়ত সীমান্তৰ সমস্যাৰ সমাধান কল্পে আলোচনা অব্যাহত আছে।

চীনে সীমান্তৰ সিপাৰে যুদ্ধৰ আখৰা আৰম্ভ কৰাৰ সময়তে ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গত চোকা দৃষ্টি ৰাখিছে।

খৱৰ অনুসৰি,পূব লাডাখৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে লাহে লাহে অস্ত্ৰ ভাণ্ডাৰ বৃদ্ধি কৰিছে।

ইপিনে ভাৰতীয় সেনা বাহিনীয়েও প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে।

সেনাৰ সূত্ৰ মতে, যেতিয়ালৈকে মীমাংসা নহয়, তেতিয়ালৈকে সেনা সীমান্তত গ্ৰহণ কৰা স্থিতিৰ পৰা অলপো লৰচৰ নহয়।

ভাৰতীয় সেনা বাহিনীয়ে পাংগং চো আৰু গালৱান উপত্যকাত সেনাৰ শক্তি বৃদ্ধি কৰি তুলিছে।

আনহাতে, চীনে এই সীমান্তত প্ৰায় দুহেজাৰ সেনা নিয়োগ কৰাৰ লগতে অস্থায়ী ছাউনিও বৃদ্ধি কৰিছে।

স্বাভাৱিকতে সীমান্তৰ এই দুয়োখন দেশৰ সেনাৰ কছৰতে এখন অনিবাৰ্য যুদ্ধৰ ইংগিতকে বহন কৰিছে নেকি সেয়া লক্ষ্যণীয় হৈ পৰিছে।