বিগত বছৰ এছিয়ান গেমছত অভিলেখ গঢ়ি স্বৰ্ণ পদক লাভ কৰিছিল। এইবাৰ অলিম্পিকত ইতিহাস ৰচিলে অবিনাশ ছেবলে। তেওঁ ৩০০০ হাজাৰ মিটাৰ ষ্টীপলচেছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। সোমবাৰে তেওঁ ট্ৰেকত নামি ক্ৰীড়া জগতক আচৰিত কৰি তুলিলে। চলিত অলিম্পিকত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত একমাত্ৰ ভাৰতীয় হিচাপে ফাইনেলত উঠিছে অৱিনাশ ছেবলে।
সোমবাৰে ৩০০০ মিটাৰ ষ্টীপলচেজৰ দ্বিতীয় হিটত অৱিনাশৰ নাম ৰখা হৈছিল। দৌৰ আৰম্ভ হোৱাৰ পৰাই ভাৰতীয় খেলুৱৈগৰাকীয়ে দুৰ্দান্ত গতি লয়। প্ৰথম চাৰিটা লেপত অবিনাশ প্ৰতিপক্ষতকৈ বহু আগবাঢ়ি আছিল। কিন্তু দৌৰৰ শেষৰ ফালে তেওঁৰ গতি যথেষ্ট কমি আহিল। পঞ্চম লেপত তেওঁ তৃতীয় স্থানলৈ গতি কৰে।
অৱশ্যে পিছ পৰি থকাৰ পিছতো অৱিনাশে দ্ৰুত প্ৰত্যাৱৰ্তন কৰে। শেষৰ লেপৰ আগতে তেওঁক পুনৰ গতি বৃদ্ধি কৰা দেখা যায়। তেওঁ পুনৰ দ্বিতীয় স্থানলৈ আহিল। অৱশ্যে শেষৰ লেপত আৰু তেনেকৈ গতি বৃদ্ধি কৰিবলৈ চেষ্টা নকৰিলে। বৰঞ্চ ফাইনেলৰ পূৰ্বে শক্তি সঞ্চয়ৰ কথা ভাবি নিজকে বান্ধি ৰাখিলে। শেষত অৱিনাশে পঞ্চম স্থানত হিট সমাপ্ত কৰে। ৩০০০ মিটাৰ ষ্টীপলচেজ দৌৰ সম্পূৰ্ণ কৰিবলৈ তেওঁ ৮ মিনিট ১৫.৪৩ ছেকেণ্ড সময় লৈছিল।
বিগত বৰ্ষৰ এছিয়ান গেমছত অবিনাশে সোণৰ পদক লাভ কৰিছিল। তেওঁ গেমছৰ অভিলেখ গড় ৮:১৯.৫৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰিছিল। এইবাৰ তেওঁ অলিম্পিকৰ হিটতে তাতকৈ বহু কম সময়ত দৌৰিছে। তেতিয়াহ’লে অৱিনাশৰ হাতত দেখা পাবনে অলিম্পিকৰ পদক? দৌৰবিদসকলে এথলেটিকছত পদকৰ অভাৱ পবৰণ কৰিবনে? ইয়াৰ উত্তৰ পোৱা যাব ৮ আগষ্টত। সেইদিনা পদক যুঁজত ফাইনেলত নামিব অৱিনাশে।