পেৰালিম্পিকত ‘বিতৰ্কিত পতাকা’ লৈ উল্লাস, সেয়ে বাতিল ইৰাণী খেলুৱৈ? জেভেলিনত স্বৰ্ণ জয় ভাৰতীয়ৰ!

ফটোঃ সংগ্ৰহীত।

ক’লা পতাকাৰ ওপৰত ৰঙা আখৰেৰে কিবা এটা লিখা আছিল। আৰু সেই পতাকাৰ বাবেই ইৰাণৰ ছাদেগ বেইট ছায়াহক পুৰুষৰ জেভেলিনৰ এফ ৪১ শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। তাৰ ফলস্বৰূপে ৰূপৰ পদক লাভ কৰি থকা ভাৰতৰ নৱদীপে সোণৰ পদক লাভ কৰে।

আনুষ্ঠানিকভাৱে পেৰিছ পেৰালিম্পিকৰ আয়োজক সমিতিয়ে এই বিষয়ে একো ঘোষণা কৰা নাই যদিও সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদনত সেইটোৱেই ইৰাণী খেলুৱৈগৰাকীক বাতিল কৰাৰ কাৰণ।

প্ৰতিবেদন অনুসৰি ইৰাণী খেলুৱৈগৰাকীয়ে জেভেলিনৰ এফ ৪১ শাখাত সোণৰ পদক লাভ কৰাৰ পিছত বাৰে বাৰে ক’লা পতাকা দেখুৱাই থকাৰ বাবে অযোগ্য ঘোষণা কৰে। এটা মহলে দাবী কৰিছে যে পতাকাখন হামাছৰ। যদিও এই বিষয়ত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়কঃ কিছুমান খাদ্যই বৃদ্ধি কৰিছে কিডনীৰ জটিলতা; জানি লওক কি খাদ্য খাব আৰু কি নাখাব!

আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ নিয়ম অনুসৰি কোনো প্ৰতিযোগিতাত কোনো ৰাজনৈতিক কুচকাৱাজ থাকিব নোৱাৰিব। ইৰাণী খেলুৱৈগৰাকীৰ বিৰুদ্ধে ক্ৰীড়াহীন আচৰণৰ অভিযোগ উত্থাপন হৈছে। ফলত নৱদীপৰ ৰূপৰ পদক সলনি হৈ সোণৰ পদকলৈ পৰিণত হয়।

অৱশ্যে ইৰাণী খেলুৱৈগৰাকীক কিয় অযোগ্য ঘোষণা কৰা হ’ল সেই লৈ বিভ্ৰান্ত হৈ পৰিছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক সত্যনাৰায়ণ। সংবাদ মাধ্যম ৰেভস্প’ৰ্টছৰ এক প্ৰতিবেদন অনুসৰি তেওঁ কয় যে ইৰাণী খেলুৱৈগৰাকীৰ পৰা কাঢ়ি লোৱা সোণৰ পদক ১০০ শতাংশ শুদ্ধ।

বিষয়টো ব্যাখ্যা কৰি ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰশিক্ষকগৰাকীয়ে কয় যে নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকাৰ বাহিৰে আন কোনো পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে। ইৰাণৰ খেলুৱৈগৰাকীয়ে আন এখন পতাকা দেখুওৱাৰ ভিডিঅ’ ফুটেজ আছে। পদক লাভ কৰাৰ পিছতো তেওঁ খেলপথাৰলৈ গৈ উদযাপন কৰিছিল। সেয়াও কৰিব নোৱাৰি। সেয়েহে নিয়ম অনুসৰি ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰা হৈছে বুলি ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰশিক্ষকগৰাকীয়ে কয়।

লগতে পঢ়কঃ ৰতন টাটাৰ ভাতৃ জিমিৰ নাম শুনিছেনে কেতিয়াবা? মানুহজনৰ জীৱনশৈলীয়ে আচৰিত কৰি তুলিব সকলোকে

পুৰুষৰ জেভেলিন এফ ৪১ শাখাৰ ফাইনেলত নৱদীপৰ জেভেলিনে ৪৭.৩২ মিটাৰ দূৰত্ব ক্লিয়াৰ কৰে। সেইটো তেওঁৰ পূৰ্বৰ ব্যক্তিগত শ্ৰেষ্ঠ (৪৪.২৯ মিটাৰ)ৰ পৰা তিনি মিটাৰতকৈও অধিক দূৰত্ব। কেৱল সেয়াই নহয়, পেৰালিম্পিকৰ ফাইনেলত তেওঁ যি দূৰত্ব অতিক্ৰম কৰিছিল সেয়াও পেৰালিম্পিকৰ অভিলেখ।

ইৰাণী খেলুৱৈগৰাকীয়ে অতিক্ৰম কৰা দূৰত্ব আচলতে পেৰালিম্পিকৰ অভিলেখ আছিল। কিন্তু অযোগ্য হোৱাৰ বাবে তেওঁৰ থ্ৰ’ও বাতিল কৰা হয়। আৰু পেৰালিম্পিকৰ অভিলেখটোও নৱদীপৰ হাতত স্থায়ীভাৱে থাকি গ’ল। সেই অভিলেখ ২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিকলৈকে নৱদীপৰ হাতত থাকিব।