• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

by
August 7, 2025 5:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ পূৰ্বে অলিম্পিকত পদক বিজয়ী মল্লযুঁজাৰুসকলে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই বিবাদে দেশৰ উচ্চতম ন্যায়ালয় পাইছিল। যাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। এইবাৰ ভাৰতীয় বক্সিং ফেডাৰেচনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিছে অলিম্পিক পদক বিজয়ী বক্সাৰে।

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁইয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ কাৰ্যবাহী সঞ্চালক অৱসৰপ্ৰাপ্ত কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে। লাভলিনাই অভিযোগ কৰে যে অৰুণ মালিকে তেওঁৰ সৈতে অপমানজনক আৰু লিংগ বৈষম্যমূলক আচৰণ কৰিছিল।

২৭ বছৰীয়া বক্সাৰগৰাকীয়ে  ২ পৃষ্ঠাৰ এক লিখিত অভিযোগ দাখিল কৰে। তাত লিখা আছে, “৮ জুলাইৰ জুম মিটিংৰ সময়ত কৰ্ণেল মালিকে মোৰ লগত অপমানজনক আৰু অসন্মানজনক আচৰণ কৰিছে।”

টাইমছ অফ ইণ্ডিয়াৰ সূত্ৰ অনুসৰি ইতিমধ্যে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে তিনিজনীয়া তদন্ত সমিতি গঠন কৰি এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে। কমিটীত আছে ট’পছৰ চিইঅ’ নচত্তৰ সিং জোহাল, প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ শৰৎ কমল আৰু এগৰাকী মহিলা অধিবক্তা।

লাভলিনাই ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্য, ছাই ডিজি ট’পছ, ভাৰতীয় অলিম্পিক সন্থা আৰু বক্সিং ফেডাৰেচনলৈ ২ পৃষ্ঠাৰ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। তাত তেওঁ লিখিছে, “জুমৰ বৈঠকৰ পিছত মই গভীৰভাৱে আঘাত, দুখ আৰু হতাশ অনুভৱ কৰিলোঁ। মই ভাবিবলৈ আৰম্ভ কৰিলোঁ, আমি মহিলা খেলুৱৈসকল সঁচাকৈয়ে সন্মানৰ যোগ্য বুলি বিবেচিত হওঁ? মই এই পত্ৰখন কেৱল এগৰাকী খেলুৱৈ হিচাপেই নহয়, বছৰ বছৰ ধৰি বক্সিং ৰিঙত দেশৰ আশা কঢ়িয়াই লৈ ফুৰা এগৰাকী মহিলা হিচাপে লিখিছো। ৮ জুলাইত বিএফআই আৰু ট’পছৰ মাজত হোৱা বৈঠকৰ সময়ত কৰ্ণেল মালিকে মোৰ পিনে চিঞৰি কৈছিল, ‘চুপ থাকা, মূৰ তল কৰি থাকা।’ মোক তেওঁৰ আদেশ মানি চলিবলৈ বাধ্য কৰা হৈছিল। তেওঁৰ আচৰণ কেৱল অসন্মানজনকেই নাছিল, বৈষম্যমূলক আৰু নাৰীসকলৰ বিৰুদ্ধে ক্ষমতাৰ প্ৰদৰ্শনও আছিল।”

লাভলিনাৰ এই অভিযোগৰ উত্তৰত কৰ্ণেল অৰুণ মালিকে সংবাদ মাধ্যমৰ আগত কয়, “মোক বদনাম কৰা হৈছে।” ইয়াৰ লগতে অৰুণে কয় যে লাভলিনাই বৈঠকত দুটা দাবী উত্থাপন কৰিছিল। প্ৰথমটো আছিল হাংগেৰীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰশিক্ষণ লোৱাৰ সুযোগ দিয়া। লভলিনাই হাংগেৰীলৈ গৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে প্ৰশিক্ষণ ল’ব বিচাৰিছিল। বিশ্ব চেম্পিয়নশ্বিপৰ দলটো তেতিয়াও ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত মই ক’লো যে দল ঘোষণা হোৱাৰ পিছত পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰি। ইয়াৰ সমস্যাটো হ’ল আয়োজক সমিতিৰ (ব্ৰিটেইন বক্সিং এছ’চিয়েচন) ভিছাৰ বাবে ২০টা কৰ্মদিনৰ প্ৰয়োজন হয়। তাত ভিছাৰ বাবে পাছপ’ৰ্ট জমা দিব লাগিব। যদি আপুনি হাংগেৰীৰ বাবে এই কাম কৰে, তেন্তে ব্ৰিটিছ ভিছাৰ বাবে সমস্যা হ’ব পাৰে।”

লাভলিনাৰ দ্বিতীয়টো দাবী আছিল যে এজন ব্যক্তিগত প্ৰশিক্ষক আৰু ফিজিঅ’ক তেওঁক হাংগেৰীলৈ লৈ যাবলৈ দিয়া হওক। অৰুণ মালিকে কয়, “জুম কলত তেওঁৰ ব্যক্তিগত প্ৰশিক্ষকো সংযোগত আছিল। আমি লভলিনাক কৈছিলো যে চৰকাৰ আৰু বিএফআইৰ নিয়ম অনুসৰি বক্সিংত ব্যক্তিগত প্ৰশিক্ষকক অনুমতি দিয়া নহয়। এজন প্ৰশিক্ষকে কমেও পাঁচজন বক্সাৰক প্ৰশিক্ষণ দিব লাগে। এই সন্দৰ্ভত লাভলিনাই কয় যে পিভি সিন্ধুৱে ব্যক্তিগত প্ৰশিক্ষক লগত লৈ যায়। ইয়াৰ পিছত ছাইৰ বিষয়াগৰাকীয়ে কয় যে এই তথ্য ভুল। তেওঁ কেম্পৰ প্ৰশিক্ষকৰ পৰাও প্ৰশিক্ষণ লয়।”

অৰুণে কয়, “লাভলিনাই বৈঠকৰ এদিন পিছত অভিযোগ কৰিছে। দুদিন পিছত এখন কমিটী গঠন কৰা হয়, যাৰ অধ্যক্ষ টপছৰ চিইঅ’ও। মই ছাইলৈ দুখন পত্ৰ লিখি ৰিপ’ৰ্ট প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। কিন্তু ৰিপৰ্ট এতিয়াও অহা নাই।”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব নেকি শিৱৰাজ সিং চৌহান?

August 27, 2025 4:44 pm
অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

অন্ধ্ৰ প্ৰদেশত হোষ্টেলত ৰেগিং কাণ্ড: গৰম ইস্ত্ৰী লগালে দশম শ্ৰেণীৰ ছাত্ৰৰ শৰীৰত

August 27, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd