• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰজাই ভুল নকৰে! বাক স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ শেষ ১০ স্থানত মোদীৰ ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 2:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সমালোচনা গণতন্ত্ৰৰ আত্মা। যদি আপোনাৰ শিৰাই শিৰাই গণতন্ত্ৰ প্ৰবাহিত, তেন্তে সমালোচনাক অৱশ্যেই আদৰি ল’ব লাগিব।” শেহতীয়া এক সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।কিন্তু সমালোচনাৰ ‘মৌলিক অধিকাৰ’ সঁচাকৈয়ে মোডীৰ ভাৰতত আছেনে?

সংবাদ মাধ্যমে হওক বা সাধাৰণ জনতাই হওক বাক স্বাধীনতাৰ ওপৰত শাসকৰ দমন নীতিৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈ আহিছে। বিৰোধীও সৰৱ হৈছে। এইবাৰ ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ কাগজে-কলমে পোৱা গ’ল।

শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে বাক স্বাধীনতাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ৩৩খন দেশৰ ভিতৰত ২৪ নম্বৰ স্থানত আছে। অৰ্থাৎ সৰ্ববৃহৎ গণতন্ত্ৰই বিশ্ব তালিকাৰ তলৰ দহটা স্থানত স্থান লাভ কৰিছে।

২০২১ চনত আমেৰিকাৰ ভাণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ থিংক টেংকে ‘The Future of Free Speech’ নামৰ এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল। নামটো হ’ল ‘হু কেয়াৰছ এবাউট ফ্ৰী স্পিচ’। তাৰ ওপৰত ভিত্তি কৰি ২০২৪ চনৰ অক্টোবৰ মাহত YouGov আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই এক সমীক্ষা চলাইছিল।

এই অধ্যয়নত মূলতঃ দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাৰ প্ৰয়াস কৰা হৈছে। ১) বাক স্বাধীনতাক সমৰ্থন কৰিবলৈ গৈ পৃথিৱীৰ কিমান মানুহ বিভিন্ন বাধাৰ সন্মুখীন হৈছে? ২) কি কি বিষয়ৰ ওপৰত জনসাধাৰণক মুকলিকৈ আলোচনা আৰু সমালোচনা কৰিবলৈ দিয়া উচিত?

এই ক্ষেত্ৰত নৰৱে, ডেনমাৰ্ক, ছুইডেন, হাংগেৰী, ভেনিজুৱেলা আদি দেশ আগৰণুৱা। সমীক্ষা অনুসৰি ভাৰতৰ কেইবাটাও বিষয়ত জনমত বিচৰা হৈছিল। চৰকাৰী নিয়ন্ত্ৰণ অবিহনে মানুহে সংবাদ পৰিৱেশন, ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰেনে? চৰকাৰী নীতিক সমালোচনা কৰি কিবা মন্তব্য দিব পাৰিনে?

এনেধৰণৰ প্ৰশ্নত ভাৰতত বাক স্বাধীনতাৰ প্ৰকৃত স্বৰূপ ফুটি উঠিছে। আচৰিত কথাটো হ’ল পাকিস্তান, ফিলিপাইনছ, আফ্ৰিকান কিছুমান দেশৰ লগতে ভাৰততো ৭৫ শতাংশতকৈ কিছু কম মানুহে বিশ্বাস কৰে যে চৰকাৰে সমালোচনা ৰোধ কৰিবলৈ ব্যৱস্থা ল’বই পাৰে! অৰ্থাৎ সাধাৰণ জনতাই যেন ক’ৰবাত মানি লৈছে, সেইটোৱেই হবলগীয়া। এয়াই নিয়তি। বা অন্ধ সমৰ্থন— শাসকে যি কৰি আছে সেয়া সঠিক! ঠিক ইংৰাজীত কোৱাৰ দৰে, King can do no wrong (ৰজাই ভুল নকৰে)।

বিৰোধীৰ প্ৰশ্ন, ইয়াৰ আঁৰত চৰকাৰৰ প্ৰতি ভয়ে কাম কৰা নাই নেকি? শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে স্থানীয় সংবাদ সংস্থাৰ সৈতে হোৱা বিবাদৰ বাবে ৱিকিপিডিয়াৰ এটা পৃষ্ঠা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। তাতো ৱিকিমিডিয়া ফাউণ্ডেচনে বাক স্বাধীনতাক লৈ প্ৰশ্ন কৰা দেখা যায়।

বিৰোধীৰ মতে মোডীৰ যুগত এইটো আৰু কি নতুন কথা? প্ৰতিষ্ঠান বিৰোধী কথা ক’লেই আইনী জালত বন্দী হ’ব। বা আপোনাক ‘দেশদ্ৰোহী’ বুলি লেবেল লগোৱা হ’ব। গতিকে মনে মনে থকাই ভাল!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd