NORTHEAST NOW (Assamese)

ইংলেণ্ডৰ ছিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা; অধিনায়ক শুভমন গিল, সহ-অধিনায়ক ঋষভ পন্ত!

May 24, 2025 2:25 pm · এন ই নাও নিউজ, নতুন দিল্লী

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুপস্থিতিত ২০ জুনৰ পৰা ইংলেণ্ডত টেষ্ট ছিৰিজ খেলিব ভাৰতীয় ক্ৰিকেট দলটোৱে। সেই ছিৰিজৰ বাবে বৰ্ডৰ বাছনি সমিতিয়ে দল ঘোষণা কৰিলে

কিছুদিন পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ইজনৰ পিছত সিজনে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। এই কাণ্ড দেখি বহুতে অনুমান কৰিছে যে তেওঁলোকে হয়তো বিচিচিআইৰ নিৰ্বাচক বা প্ৰশিক্ষকৰ হেঁচাত এনে সিদ্ধান্ত ল’বলগীয়া হৈছিল। এই পৰিবেশত ভাৰতীয় দলৰ অধিনায়ক কোন হ’ব সেই সম্পৰ্কে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

জানিব পৰা মতে, বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰৰ সৈতে শুভমন গিলৰ সুকীয়া বাৰ্তালাপ হৈছিল। তথাপিও বিৰাটৰ বেটিং পজিচনত কোনে খেলিব সেই লৈ প্ৰশ্ন উত্থাপন হৈছিল।

শনিবাৰৰ সভাত সকলো উত্তৰ পোৱা গ’ল। বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰ আৰু বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া উপস্থিত থাকে। আজি দুপৰীয়াৰ ভাগত বি চি চি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত ইংলেণ্ড ছিৰিজৰ বাবে বাছনি সমিতিখনে দলটো বাছনি কৰে।

অজিত আগৰকাৰে শুভমন গিল অধিনায়ক হ’ব বুলি ঘোষণা কৰে। লগতে ঋষভ পন্তক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতৰ টেষ্ট দল-

শুভমন গিল (অধিনায়ক), ঋষভ পন্ত (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰন, নীতিশ কুমাৰ ৰেড্ডী, লোকেশ ৰাহুল, সাই সুদৰ্শন, কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, আকাশদীপ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ।

ঘৰৰ মাটিতনিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত হোৱাইট ৱাছ হোৱাৰ পিছত ভাৰতে অষ্ট্ৰেলিয়ালৈ গৈ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয়। একে ঘটনা যাতে পুনৰ নঘটে তাৰ দায়িত্ব গৌতম গম্ভীৰ আৰু অজিত আগৰকাৰৰ ওপৰত। তেনেকৈয়ে তেওঁলোকে দলটো বাছি লৈছে। কোনে কোনে দললৈ ঘূৰি আহিছে, কোন হ’ব বলিংত বুমৰাহৰ সম্ভাৱ্য বিকল্প? কোন হ’ব তেওঁৰ সংগী? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা গ’ল।

উল্লেখ্য যে মহম্মদ ছামীয়ে আগতেও কৈছিল যে বুমৰাহৰ লগত ইংলেণ্ডলৈ যোৱাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ। কাৰণ হৰ্ষিত ৰানা, আকাশদ্বীপ আৰু মহম্মদ চিৰাজে অষ্ট্ৰেলিয়া ছিৰিজত বলিঙত সম্পূৰ্ণ বিফল হৈছিল। ফলত সকলো হেঁচা অকল বুমৰাহৰ ওপৰত পৰে। কিন্তু অজিত আগৰকাৰৰ কমিটীয়ে তেওঁক ইংলেণ্ডৰ শৃংখলাৰ বাবে বিবেচনা কৰা নাই। ১৮ জনীয়া দলটোত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাই।

ইপিনে, এই শৃংখলাত নাই তিনিজন জ্যেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰোহিত শৰ্মা। ফলত নতুন অধিনায়কগৰাকীয়ে ইমান কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পূৰ্বে এটা ভাল দল গঢ়ি তোলাৰ কাম বাছনি সমিতিৰ হাতত আছিল। বিদেশত টেষ্টত শুভমন গিলৰ অফ ফৰ্ম ব’ৰ্ডৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ২০ জুনত হেডিংলেত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট।

Related News