বিধানসভাত আসন সংৰক্ষণ কৰিলেই সুৰক্ষিত নহয় খিলঞ্জীয়া : উপমন্যু হাজৰিকা

03-01-12 Guwahati- Upamanyu Hazarika press conference (1)

গুৱাহাটী প্ৰেছ ক্লাবত প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাৰ সংবাদমেল। ফটো : ইউ বি

‘’কেৱল বিধানসভাত খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষিত কৰিলেই সুৰক্ষিত নহ’ব খিলঞ্জীয়া’। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত নৰ্থ ইষ্ট নাওৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

তেওঁ লগতে কয়, ‘’বিধানসভাত খিলঞ্জীয়াৰ বাবে আসন সংৰক্ষণ কৰি ভূমি-চাকৰি আদি সংৰক্ষণ নকৰিলে খিলঞ্জীয়া নেতা মন্ত্ৰী, বিধায়কসকলহে উপকৃত হ’ব।‘’

ইপিনে, বিধানসভাৰ আসন সংৰক্ষণ কৰিলে অসমৰ খিলঞ্জীয়া লোকসকল কিয় উপকৃত নহ’ব তাৰো কাৰণ ব্যাখ্যা কৰে উপমন্যু হাজৰিকাই।

‘’কিয়নো খিলঞ্জীয়া বিধায়ক, মন্ত্ৰীসকল যদি বাংলাদেশীৰ সমৰ্থনত থাকে তেতিয়া বাংলাদেশী ভোটাৰেৰে জয়ী হৈ আহিব, লাগিলে তেওঁলোকৰ জাতি ধ্বংসৰ পথেৰেই গতি কৰক।‘’

আনহাতে, একেখন সংবাদমেলতে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়কগৰাকীয়ে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ নিচিনাকৈ অসমৰ সুৰক্ষা কবচ নিশ্চিত কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

তেওঁ কয়, ‘’সাধাৰণ লোকৰ বাবে থকা মাটি, চাকৰি আৰু চৰকাৰী সা-সুবিধা আৰু বাণিজ্যিক ব্যৱস্থা ইতিমধ্যে খিলঞ্জীয়াৰ হাতৰ পৰা বাংলাদেশীৰ হাতলৈ গৈছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কোনোধৰণৰ স্পষ্টীকৰণ দিয়া নাই।‘’

ইপিনে, মণিপুৰৰ বিজেপি চৰকাৰে এখন বিধেয়ক গৃহীত কৰি  ১৯৫১ চনৰ পূৰ্বৰে পৰা বসবাস কৰি অহা লোকসকলৰ বাবে ভূমি, চৰকাৰী চাকৰি সংৰক্ষিত কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা বুলি প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়কজনে দাবী কৰে।

তেওঁ লগতে কয়, ‘’অসমৰ ৰাজ্য চৰকাৰে আঢ়ৈ বছৰে হাত সাবটি বহি থাকিলে। ৰাজ্য চৰকাৰৰ মেৰুদণ্ড নাই যদিও কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক মেৰুদণ্ড প্ৰদান কৰিলে। গতিকে মণিপুৰৰ দৰে ৰাজ্য চৰকাৰেও এখন আইন গ্ৰহণ কৰিব লাগে।‘’

তদুপৰি, তেনে এখন আইন গৃহীত কৰিবৰ বাবে মাত্ৰ ৬৪ জন বিধায়কৰ সমৰ্থন প্ৰয়োজন বুলিও উপমন্যু হাজৰিকাই দাবী কৰে।

তেওঁ পুনৰবাৰ কয়, ‘’কেৱল বিধানসভাত আসন সংৰক্ষণ কৰি অসমীয়াৰ মূল সুৰক্ষা কবচ প্ৰদান নকৰিলে খিলঞ্জীয়া লোকসকল কেতিয়াও উপকৃত নহ’ব।‘’

‘’জনপ্ৰতিনিধিয়ে খিলঞ্জীয়াৰ ভোট লৈ বাংলাদেশীসকলক সুৰক্ষিত কৰে। সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ বা প্ৰফুল্ল কুমাৰ মহন্তও এইক্ষেত্ৰত ব্যতিক্ৰম নহয়,‘’- এইদৰে কয় হাজৰিকাই।

তেওঁ লগতে দোহাৰে, ‘’মাটি থাকিলেহে জাতি থাকিব, জাতি থাকিলেহে ভাষা আৰু সংস্কৃতি সুৰক্ষিত থাকিব।‘’